![]()
ভয়াৱহ ভূমিকম্পৰ (Earthquake) ফলত বিধ্বস্ত হোৱা তুৰ্কীৰ (Turkey) উদ্ধাৰ অভিযানত ভাৰতে (India) সমৰ্থন আগবঢ়াইছে। “অপাৰেচন ডষ্ট” (Operation Dost) নামেৰে ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলে যিধৰণে সাহায্য আৰু উদ্ধাৰৰ কাম চলাইছে, সেইটোৱে তুৰ্কীসকলৰ হৃদয় জয় কৰিছে।

বহু তুৰ্কীয়ে কয় যে ভাৰতৰ উদ্ধাৰকাৰী দলটোক আশীৰ্বাদ আৰু ভালপোৱা যাচিছে, ভাৰতীয় দুৰ্যোগ সঁহাৰি বাহিনী সময়মতে উপস্থিত নহʼলে কি হʼলহেঁতেন সেয়া তেওঁলোকে কল্পনাও কৰিব নোৱাৰে!গাজিয়ানেপৰ এজন বাসিন্দাৰ ভাষাত, “তেতিয়া মই অকলশৰীয়া আছিলোঁ। ধ্বংসাৱশেষৰ মাজত থিয় হৈ, দিশহাৰা হৈ। সেই সময়ত ভাৰতীয় উদ্ধাৰকাৰী দল ইয়ালৈ আহিছিল। সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ হʼল। সেই সহায় মই কেতিয়াও পাহৰিব নোৱাৰো। এইদৰে আমাক সাহায্য দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।” গাজিয়ানেপৰ নুৰগাডী চহৰৰ ধ্বংসাৱশেষৰ পৰা ভাৰতীয় উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰে এগৰাকী আঠ বছৰীয়া কিশোৰীক।
তুৰস্কৰ বহু বাসিন্দাই উচ্চ স্বৰে কৈছে যে সংকটৰ সময়ত ভাৰতে যিদৰে সহায়ৰ হাত আগবঢ়াইছে, সেই ঋণ হয়তো কেতিয়াও পৰিশোধ নহʼবও পাৰে। এজন তুৰ্কী নাগৰিকৰ ভাষাত, “ভাৰতৰ সহায় মই কেতিয়াও পাহৰিব নোৱাৰো। এজন প্ৰকৃত বন্ধু বিপদৰ সময়ত চিনাকি হয়। আল্লাহে ভাৰতক আশীৰ্বাদ কৰক।”











