![]()
সম্ভাব্য বানপানীৰ সন্দৰ্ভত বোকাখাত (Bokakhat) উপায়ুক্ত কাৰ্য্যালয়ৰ (Deputy Commissioner’s Office) সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মহকুমাধিপতি ডাঃ নেহা যাদৱৰ (Dr Neha Yadav) সভাপতিত্বত অনুষ্ঠিত সভাত মহকুমাখনত সম্ভাব্য বানপানীৰ (Possible flooding) সময়ত ল’বলগীয়া আগতীয়া প্ৰস্তুতি আৰু লগতে বান পৰিস্থিতি মোকাবিলা কৰিবলৈ বিভিন্ন সংশ্লিষ্ট বিভাগে গ্ৰহণ কৰিব লগা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়।

সভাত মহকুমাধিপতি ডাঃ নেহা যাদৱে কৃষি, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ, বিদ্যুৎ, খণ্ড উন্নয়ন, শিশু উন্নয়ন, জলসম্পদ, খণ্ড প্ৰাথমিক শিক্ষা, বন আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ দ্বাৰা সম্ভাব্য বানপানীৰ সময়ত ল’বলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক কিদৰে সহায় সহযোগিতা আগবঢ়াব পাৰি তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰে।মহকুমাধিপতিগৰাকীয়ে বানপানীৰ সময়ত স্থাপন কৰিবলগীয়া আশ্ৰয় শিবিৰসমূহৰ ক্ষেত্ৰভিত্তিক বৰ্তমান স্থিতি সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।

আশ্ৰয় শিবিৰসমূহত থাকিবলগীয়া বিভিন্ন সা-সুবিধা যেনে শিশু অনুকূল স্থান, স্তনপান কৰোৱা কোঠা, খোৱা পানী, বিজুলী যোগান, পুৰুষ আৰু মহিলাৰ বাবে পৃথক শৌচালয় আৰু স্নানাগাৰ আদিৰ সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক মহকুমাধিপতিগৰাকীয়ে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত বিভাগ সমূহে আগতীয়াকৈ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বিতং তথ্য মহকুমাধিপতিৰ কাৰ্যালয়ত দাখিল কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে নিৰ্দেশ দিয়ে।
বানপানীৰ সময়ত ল’বলগীয়া কিছু বিশেষ সতৰ্কতামূলক ব্যৱস্থাৰ ওপৰতো আজিৰ সভাত আলোচনা কৰা হয়। আজিৰ সভাত মহকুমা আৰক্ষী বিষয়া ৰেনুকান্তালা শিতল কুমাৰ, বোকাখাত পৌৰসভাৰ পৌৰপতি শ্ৰী ৰত্নেশ্বৰ বৰুৱা, চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত পৰিস্মীতা দিহিঙ্গীয়া, গাওঁ পঞ্চায়তৰ সভাপতিসকল আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া, কৰ্মচৰীসকল উপস্থিত থাকে।













