![]()
তুৰস্ক আৰু ছিৰিয়াৰ (Turkey and Syria) এই ভয়াৱহ ভূমিকম্পৰ( Earthquake) দুসপ্তাহ পাৰ হৈ গʼল।এই পৰ্যন্ত দুয়োখন দেশত মৃত্যুৰ সংখ্যা ৪৬ হাজাৰ অতিক্ৰম কৰিছে। তুৰস্কৰ ধ্বংসাৱশেষৰ পৰা এতিয়াও উদ্ধাৰ কৰা হৈ আছে বহু নিৰুদ্দেশ হোৱা লোকৰ মৃতদেহ। মৃতকৰ এই দীঘলীয়া তালিকাত এইবাৰ নতুনকৈ সংযোজন ফুটবল জগতৰ আন এক ব্যক্তিত্ব। ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে হাটাইস্পোৰ ক্লাবৰ ক্ৰীড়া পৰিচালক টানেৰ ছাভুটৰ মৃতদেহ।

এই ভয়ংকৰ ভূমিকম্পত হাটাইস্পোৰ ফুটবল ক্লাবে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হৈছিল। ভূমিকম্পৰ পিছৰে পৰা দলটোৰ ঘানাৰ ফুটবলাৰ ক্রিষ্টিয়ান আটছু নিৰুদ্দেশ হৈ আছে৷ পিছত তেওঁক উদ্ধাৰৰ খবৰ আহিছিল যদিও সেয়া মিছা আছিল। তাৰ পিছত যোৱা সপ্তাহত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয় চেলছী আৰু নিউকেষ্টলৰ প্ৰাক্তন ফুটবলাৰ আটছুৰ মৃতদেহ। এইবাৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে হাটাইস্পোৰ ক্লাবৰ ক্ৰীড়া পৰিচালক টানেৰ ছাভুটৰ মৃতদেহ।
৬ ফেব্ৰুৱাৰীত হোৱা ভূমিকম্পৰ পিছত সন্ধানহীন হৈ আছিল ছাভুত। হাটাইস্পোৰ ক্লাবৰ পৰা তেওঁক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। এতিয়া হাটাইস্পোৰ ক্লাবে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত শোক প্ৰকাশ কৰে। তেওঁলোকে কয়, “ক্লাবৰ ক্ৰীড়া সঞ্চালকৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো। আপোনাৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰো। স্বৰ্গত কুশলে থাকক আপুনি। আপুনি আমাৰ হৃদয়ত চিৰদিন থাকিব।”
ভূমিকম্পৰ পিছতে বিলাসী আৱাসগৃহটোৰ ভাঙি পৰা শিল আৰু কংক্ৰিটৰ তলত আবদ্ধ হৈ পৰে ছাভুত। তাৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। তুৰ্কী লীগৰ শীৰ্ষ দল গালাটাছাৰাই আৰু তুৰ্কী ফুটবল ফেডাৰেচনেও ছাভুতৰ মৃত্যুত শোক প্ৰকাশ কৰে।











