![]()
বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰ (Assam Government) ৰ কেবিনেট বৈঠক (Cabinet Meeting)। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ অন্তত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবামেলত আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ ঘোষণা কৰে । চাওঁ আহক আজিৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ :

# পলিটেকনিক ডিপ্ল’মা পাঠ্যক্ৰম উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ সমপৰ্যায়ৰ কৰাৰ সিদ্ধান্ত।
# অসম অভিযান্ত্ৰিক নিযুক্তি বোৰ্ডৰ সংশোধন, নতুন কমিটী গঠন ।
# অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন, ২০০৯ সংশোধন কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ইয়াৰ অধীনস্থ কৰা হয় ।
# ৰাজ্যিক স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসন সংৰক্ষণৰ ব্যৱস্থা । স্নাতকোত্তৰ শাখাৰ সাতটা বিভাগৰ পাঠ্যক্ৰমত দুখনকৈ আসন সংৰক্ষণ ।
# অসম ফ্লাইং ক্লাব ছ’চাইটী নতুনকৈ গঠন, মুখ্যমন্ত্ৰী নতুন কমিটীৰ অধ্যক্ষ ।
# 5G ইণ্টাৰৰনেট সেৱা গ্ৰামাঞ্চলত সহজলভ্য কৰাৰ বাবে নতুন ইণ্টাৰনেট নিয়মাৱলীৰ সিদ্ধান্ত ।
# বিটিআৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত ২০২২- ২৩ চনৰ দ্বিতীয় কিস্তি ৩৬১.৪২ লাখ টকা মোকলাই দিয়াৰ সিদ্ধান্ত ।
# Assam public safety বিধেয়কত অনুমোদন । আগন্তুক বিধানসভাৰ অধিবেশনত এই বিধেয়ক উত্থাপন কৰা হ’ব ।
# মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২৭০ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত ।
# ৰাজ্যত এহেজাৰটা নতুন অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ, দুখন জিলাত তিনিটা গ্ৰাম্য পথ নিৰ্মাণ আৰু ভূমি সংৰক্ষণৰ বাবে ৪১৪ কোটি টকাৰ অনুমোদন ।













