![]()
ভয়ংকৰ ভূমিকম্পৰ (Earthquake) ফলত তুৰস্ক (Turkey) আৰু ছিৰিয়া (Syria) কঁপি উঠিল। ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াৰ বিস্তৃত অঞ্চলত এক বিশাল ভূমিকম্পই আঘাত হানিছিল। ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল ৭.৮। তাৰ পিছত মৃতকৰ সংখ্যা বাঢ়ি আহিব ধৰে। আৰু ই বৰ্তমান ৫০ হাজাৰৰো অধিকলৈ বৃদ্ধি পালে।

ভূমিকম্পৰ ফলত দুয়োখন দেশতে বহু ঘৰ ধ্বংস হয়। ধ্বংসাৱশেষত বহু লোক আবদ্ধ হৈছিল। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। কিছু লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও অধিকাংশ লোকৰ মৃত্যু হয়। কেৱল তুৰস্কত এতিয়া মৃত্যুৰ সংখ্যা ৪৪,২১৮ জন। আৰু ছিৰিয়াত মৃত্যুৰ সংখ্যা ৫,৯১৪ জন। ইফালে ভূমিকম্পৰ ১৯ দিন পাৰ হৈ গৈছে।
প্ৰচণ্ড শীত প্ৰবাহ, ঠাণ্ডা আৰু তুষাৰপাতৰ মাজত উদ্ধাৰৰ কাম চলি আছে। উল্লেখ্য, ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছত তুৰস্ক আৰু ছিৰিয়াত কেইবাবাৰো কম্পন অনুভৱ কৰা হৈছিল। তাৰ ফলত ক্ষতি আৰু অধিক হৈছে। ৰাষ্ট্ৰসংঘৰ অনুমান অনুসৰি, কেৱল তুৰস্কত ডেৰ লাখতকৈ অধিক ঘৰ ভাঙি গৈছে। ছিৰিয়াত কমেও ৫০ হাজাৰ ঘৰ ভাঙি যোৱাৰ অনুমান কৰা হৈছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই দেশ দুখনলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। যʼত ভাৰতো অন্তৰ্ভুক্ত আছে।











