![]()
যোৱা নিশা কাৰ্বি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড (Assam-Nagaland) সীমান্তৰ লাহৰিজানত ডিলাই আৰু লাহৰিজান আৰক্ষী (Police) আৰু চিআৰপিএফৰ (CRPF) যৌথ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন ৷

প্ৰাপ্ত খবৰ অনুসৰি নিশাৰ ভাগত লাহৰিজান পহৰা চকীৰ আৰক্ষী আৰু চি ২০ চিআৰপিএফৰ লোকে লাহৰিজান পুলিচ পইণ্টত নাকা তালাচী চলাই 104.63 গ্ৰাম সন্দেহযুক্ত হেৰ’ইন (Drugs)উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ হেৰ’ইনখিনি 9 টা চাবোনৰ বাকচত AS 15S 4306 পঞ্জীয়ন নম্বৰৰ মাৰুতি চুজুকি এল্ট’ 800 বাহনৰ সন্মুখৰ ডেচব’ৰ্ড গিয়াৰ লিভাৰ কভাৰত লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে ।
নাগালেণ্ডৰ ডিমাপুৰৰ (Dimapur) পৰা আনি বৰপেটাত ডেলিভাৰী দিয়াৰ কথা আছিল সন্দেহযুক্ত হেৰ’ইনখিনি৷ হেৰইনখিনি সৰবৰাহৰ লগত জড়িত আটকাধীন দুটা সৰবৰাহকাৰী ক্ৰমে, বৰপেটাৰ মৃত নুৰ ইছলামৰ পুত্ৰ পুত্ৰ নুৰ হুছেইন (২৪ বছৰ ), আৰু বাক্সাৰ মৃত ছামাদ আলীৰ পুত্ৰ জুনাব আলীৰ(২৭) বুলি চিনাক্ত কৰা হৈছে ৷
বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰইনখিনি জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷













