
আজি পাহাৰীয়া জিলা কাৰবি আংলঙত (Karbi Anglong) জিলাখনৰ পিতৃপুৰুষ প্ৰয়াৎ ছেমছনছিং ইংতিৰ (Samsonsing Ingti) ৭৫ সংখ্যক মৃত্যু (75th death) বাৰ্ষিকী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু জিলা আৰু মহকুমাৰ সদৰস্থানতস্থিত ছেমছনছিং ইংতিৰ প্ৰাতিকৃতি আৰু প্ৰতিমূক্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন (Paying tribute) কৰা হয় ৷

এইলৈ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু (Diphu)ত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো প্ৰয়াত ছেমছনছিং ইংতিৰ নতুন আৰু পুৰণি উদ্যানত ছেমছনছিং ইংতিৰ প্ৰতিমূৰ্তিত গুণমুগ্ধৰ লগতে সাংবাদিকসকলেও পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনা ক্ৰমে, কাহৰণ পাঠ, গীতা পাঠ, কোৰাণ পাঠ, বাইবেল পাঠ, গুৰুনানকৰ গ্ৰন্থ চাহিব পাঠ, কীৰ্তন পাঠ, আৰু লখিমন প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় ৷
ইয়াৰ পিছত সাংসদ হৰেণছিং বে’ পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ কে ধৰি বিশিষ্ট ব্যক্তিসকলে তাহানিৰ মিকিৰ পাহাৰ বৰ্তমান কাৰবি আংলঙ জিলা পৰিষদৰ স্ৰষ্টা তথা জিলাখনৰ পিতৃ পুৰুষ ছেমছনছিং ইংতিৰ জীৱনাদৰ্শ আৰু ত্যাগৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷












