![]()
বায়ুসেনাৰ (Indian Air Force) প্ৰাক্তন বিষয়া আৰু তেওঁৰ পত্নীৰ অস্বাভাৱিক মৃত্যু। ৰাজধানী দিল্লীত (Delhi) সংঘটিত হয় এই ঘটনা। শেহতীয়াকৈ অজয় পালে (Ajay Pal) বায়ুসেনাৰ সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। আৰক্ষীৰ প্ৰথম অনুমান যে দম্পতীহালে বিষ সেৱন কৰি আত্মহত্যা কৰে।

স্থানীয় সূত্ৰৰ মতে, ৩২ বছৰীয়া মণিকাই এবছৰ পূৰ্বে ৩৭ বছৰীয়া অজয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োজনেই দক্ষিণ দিল্লীত বাস কৰিছিল। বুধবাৰে মণিকাই স্বামীক ঘৰত পৰি থকা অৱস্থাত পাইছিল।
ততাতৈয়াকৈ অজয়ক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। সেই সময়ত চিকিৎসালয়খনে জনাইছিল যে বিষক্ৰিয়াৰ ফলত মৃত্যু হৈছে। মণিকা ঘৰলৈ উভতি আহে। ঘৰত প্ৰৱেশ কৰি তেওঁ নিজেও বিষপান কৰে। পিছত আৰক্ষীয়ে দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
স্বামী-স্ত্ৰী দুয়োজনে কিয় বিষ পান কৰিছিল সেই লৈ এক ৰহস্যৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে অজয়ে বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। স্বামী-স্ত্ৰীৰ মাজত দৈনিক কাজিয়া হৈছিলনে নাই সেয়া স্পষ্ট হোৱা নাই। গতিকে দম্পতীহালৰ আত্মহত্যাৰ কাৰণ কি? ইয়াৰ উত্তৰ বিচাৰি তদন্ত অব্যাহত আছে আৰক্ষীৰ।










