![]()
বুধবাৰে পুনৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী (Tripura CM) হিচাপে শপত গ্ৰহণ কৰে মাণিক সাহাই (Manik Saha)। ইয়াৰ লগতে আজি ত্ৰিপুৰাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰতন লাল নাথ (Ratan Lal Nath), প্ৰাণজিৎ সিং ৰায় (Pranjit Singh Ray), সান্তনা চাকমা (Santana Chakma) আৰু সুশান্ত চৌধুৰীয়ে (Sushant Choudhury)। ইয়াৰ উপৰি ত্ৰিপুৰাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে টিংকু ৰায় (Tinku Rai) , বিকাশ দেৱবৰ্মা (Bikash Devbarma), সুধাংশু দাস (Sudhanshu Das) আৰু শুক্লচৰণ নোয়াতিয়াই ।

আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খান্ডু, বিজেপি সভাপতি জেপি নাড্ডা আৰু বিজেপিৰ শীর্ষস্থানীয় অন্য নেতাসকল। কিন্তু নির্বাচনৰ ফলাফল প্রকাশৰ পিছত বিজেপিৰ বিৰুদ্ধে ‘সন্ত্রাস’ৰ অভিযোগ তুলি শপত গ্রহণ বয়কট কৰে চিপিএম আৰু কংগ্রেছে।













