![]()
চিকিম (Sikkim)ৰ নাথুলাত ভয়াবহ হিমস্খলন (avalanche hits Sikkim’s Nathu La area)। সেনা সূত্রৰ খবৰ মতে, ইয়াৰ ফলত কমেও সাতজনৰ মৃত্যু (7 Killed) হৈছে। আনহাতে, বহু পর্যটক আবদ্ধ হৈ পৰাৰ আশঙ্কা কৰা হৈছে। ইতিমধ্যে উদ্ধাৰকাৰ্য চলি আছে।

মঙলবাৰে পুৱা ১১.১০ বজাত গেংটকৰ পৰা নাথু লালৈ যোৱাৰ পথত ১৫ মাইলত হঠাতে হিমস্খলন হয়। সেনা সূত্র মতে, সেই সময়ত ৫-৬খন গাড়ী উক্ত বিপর্যয়ৰ কবলত পৰে। আশঙ্কা কৰা হৈছে, ২০-৩০ জন পর্যটক হিমস্খলনৰ তলত সোমাই পৰিছে। তেওঁলোকৰ ভিতৰত সাতজন পর্যটকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকী বহু পর্যটকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয়।

তেওঁলোকক সেনাৰ বেছ কেম্পত প্রাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। বিবৃতিৰ দ্বাৰা সেনাই জনাইছে, মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইতিমধ্যেই উদ্ধাৰকার্যত নামি পৰিছে সেনা। লগতে চিকিম আৰক্ষী, চিকিমৰ ট্রেভেল এছোচিয়েচন, পর্যটন বিভাগ।
আনহাতে, দুয়োফালেই পথ বন্ধ। এটা প্রান্তত ৩৫০, অন্য প্রান্তত ৪৫০ জনমান পর্যটক আবদ্ধ হৈ থকা বুলি প্রশাসনৰ সূত্রত প্ৰকাশ। প্রতিবেদন লিখা পর্যন্ত ২২ জন পর্যটকক উদ্ধাৰ কৰা হৈছে। ৮০খন গাড়ী উদ্ধাৰ কৰা হৈছে। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি সেনাৰ বিবৃতিত জনোৱা হৈছে।













