![]()
বাক্সা জিলাস্থিত অসমৰ অন্যতম পৰ্যটনস্থলী মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প (Tiger Conservation Project) সকলো ধৰণৰ পৰ্যটন সম্বন্ধীয় কাৰ্যকলাপৰ বাবে প্ৰতি মঙলবাৰে বন্ধ (Closed every Tuesday) থাকিব। অহা ১০ এপ্ৰিলৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে।আনহাতে, এই সম্বন্ধীয় জাননী অসমৰ বন বিভাগৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে।

১ এপ্ৰিলত জাৰি কৰা জাননীখনত কোৱা হৈছে, “ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ পত্ৰ নং 15-15/2022-এনটিচিএ তাৰিখ 1 মাৰ্চ, 2023 তাৰিখৰ মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, অসম, 4 মাৰ্চ তাৰিখৰ পত্ৰ নম্বৰ ডব্লিউএল/এফজি/এনটিচিএ/পিটি-ভি মতে সংশ্লিষ্ট সকলোকে অৱগত কৰা হৈছে যে মানস অভয়াৰণ্যত পৰিৱেশ-পৰ্যটন আৰু ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ সকলো কাৰ্যকলাপ 10 এপ্ৰিল, 2023 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি সপ্তাহৰ মঙলবাৰে বন্ধ থাকিব।”
উল্লেখ্য যে ২০২২ চনৰ ছেপ্টেম্বৰত অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডে (আইএইচচিএল) মানস ৰাষ্ট্ৰীয় উদ্যানত আতিথ্য প্ৰকল্প স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল।পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু হোটেল কোম্পানীৰ কৰ্তৃপক্ষৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।













