![]()
কৰিমগঞ্জৰ সোণবিলৰ (Sonbil of Karimganj) পৰা উদ্ধাৰ (Rescued) কৰা হৈছে এটি বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ (Slow Loris)। স্থানীয় এগৰাকী লোকে বিলখনৰ পৰা বিপজ্জনক অৱস্থাত বান্দৰটো উদ্ধাৰ কৰে।
সোণবিলৰ কালিবাৰী অঞ্চলৰ চোটোকোনা গাঁৱৰ মনোজ কুমাৰ নাথে প্ৰথমে বান্দৰটো তাত আৱিষ্কাৰ কৰে।
এই কথা বিয়পি পৰাৰ লগে লগে এই আপুৰুগীয়া জন্তুটো চাবলৈ মানুহে আহি ভিৰ কৰেহি। ইফালে ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত দোহালিয়া বন বিভাগে বান্দৰটোক পিঞ্জৰাবদ্ধ কৰি লৈ যায়।

উল্লেখযোগ্য যে মানুহে জধেমধে কৰা হয় বনধ্বংসৰ ফলস্বৰূপেই বন্যপ্ৰাণীবোৰ এনেদৰে ৰাজহুৱা স্থানলৈ ওলাই আহিবলৈ বাধ্য হৈছে। উল্লেখ্য, উদ্ধাৰ কৰা বান্দৰটোক পিছত বন বিভাগে বৰাইল অভয়াৰণ্যত মুকলি (Forest department opens in Barail sanctuary) কৰি দিয়ে।
ইফালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এজন স্থানীয় লোকে কয়, “দেওবাৰে নিশা প্ৰায় ৭ বজাত এজন ল’ৰাই গছত বান্দৰটো লক্ষ্য কৰি আমাৰ সৈতে যোগাযোগ কৰিছিল। বান্দৰটো গছৰ পৰা তললৈ নমাই অনা হয় আৰু বন বিভাগক ঘটনাটোৰ বিষয়ে অৱগত কৰা হয়। বন বিভাগে আজি আহি ইয়াক উদ্ধাৰ কৰে।”













