![]()
দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল (Delhi Chief Minister Arvind Kejriwal)ক চমন জাৰি (Summons issued) কৰিছে গোৱা আৰক্ষী (Goa Police)য়ে। ২০২২ চনত গোৱাত বিধানসভা নির্বাচনৰ সময়ত চৰকাৰী সম্পত্তিত দলৰ পোষ্টাৰ লগোৱাৰ অভিযোগ উঠিছে কেজৰীৰ দল আম আদমি পার্টি (Aam Aadmi Party)ৰ (আপ) বিৰুদ্ধে। এই ঘটনাত বৃহস্পতিবাৰে আপ প্রধানক জাননী দিয়ে গোৱা আৰক্ষীয়ে। অহা ২৭ এপ্রিলৰ পুৱা ১১ বজাত উত্তৰ গোৱাৰ পৰনম থানাত হাজি হ’বলৈ দিল্লীৰ মুখ্যমন্ত্রীক নির্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে ২০২২ চনৰ গোৱা বিধানসভা নির্বাচনত ২ খন আসনত জয়ী হৈছিল কেজৰীৰ দল। সম্প্রতি ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিছে আপে। ইয়াৰ মাজতেই নির্বাচনী প্রচাৰ কাৰ্যত বিজেপিশাসিত ৰাজ্যত চৰকাৰী সম্পত্তিত পোষ্টাৰ লগোৱাৰ অভিযোগত কেজৰীক তলব কৰাত ৰাজনীতিত পৃথক মাত্রা যোগ কৰিছে।
অভিযোগ উঠিছে যে ২০২২ চনত বিধানসভা নির্বাচনৰ সময়ত গোৱাত চৰকাৰী সম্পত্তিত কেজৰীৱালৰ পোষ্টাৰ লগোৱা হৈছিল। উক্ত পোষ্টাৰ লত লেখা আছিল ‘এক চান্স কেজৰী ৱাল’। অর্থাৎ গোৱাত এটা সুযোগ দিয়ক কেজৰীৱালক। চহৰখনৰ বিভিন্ন উৰণীয়া সেতু, ৰাষ্ট্ৰীয় ঘাইপথত এই পোষ্টাৰ লগোৱা হৈছিল বুলি অভিযোগ। চৰকাৰী সম্পত্তি ব্যৱহাৰ কৰি পোষ্টাৰ লগোৱাৰ অভিযোগত জাননী দিয়া হৈছে কেজৰীক। অৱশ্যে এই পৰ্যন্ত কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই কেজৰীয়ে।










