![]()
প্ৰবল ভূমিকম্পই (Earthquake) কঁপাই তুলিলে নিউজিলেণ্ড (New Zealand)। সোমবাৰে পুৱাৰ ভাগত কেৰমাডেক দ্বীপপুঞ্জত প্ৰবল কম্পন অনুভৱ কৰা হয়। যাৰ বাবে দেশত পুনৰ ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, সোমবাৰে পুৱাতেই কেৰমাডেক দ্বীপপুঞ্জত ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৩। এই কম্পনৰ উৎস ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ তলত। ফলত সেই দ্বীপসমূহত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। দ্বীপটোৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ সকীয়াই দিয়া হয়। মন কৰিবলগীয়া যে যোৱা মাহতো কেৰমাডেক দ্বীপপুঞ্জত ৭.১ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হৈছিল। দুমাহত দুটাকৈ প্ৰচণ্ড কম্পনৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰিছে।
উল্লেখযোগ্য যে নিউজিলেণ্ড এখন ভূমিকম্প প্ৰৱণ দেশ। প্ৰতি বছৰে প্ৰায় হাজাৰবাৰ কম্পন অনুভৱ কৰা হয়। যোৱা ফেব্ৰুৱাৰী মাহত তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত ৫০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱায়। দুমাহৰ ভিতৰত নিউজিলেণ্ডত প্ৰবল ভূমিকম্প অনুভৱ কৰা হয়।











