![]()
সাম্প্ৰতিক সময়ত একাংশ বিবাহ বা অন্যান্য ব্যক্তিগত অনুষ্ঠানত সচৰাচৰ দেখা পোৱা উলহ-মালহৰ নামত ফটকা বোমা ফুটাই, ডি জে পাৰ্টি উদযাপন ব্যাপক প্ৰদূষণ কৰি পৰিৱেশ বিনষ্ট কৰাৰ বিপৰীতে বোকাখাত (Bokakhat)ত দেখা গ’ল এক সম্পূৰ্ণ ব্যতিক্ৰমী বিবাহ (Exceptional Marriage) অনুষ্ঠান।

উল্লেখ্য যে আহৰ, ৰভাৰ পৰা আৰম্ভ কৰি সকলো দিশতে সম্পূৰ্ণ অসমীয়া জাতীয় পয়োভৰেৰে উদযাপন কৰা এই বিশেষ বিবাহে দৃষ্টি কাঢ়িছে বোকাখাত তথা অসমৰ বিভিন্ন স্থানৰ পৰা অহা সকলো অভ্যাগত অতিথিৰ। বোকাখাত নগৰৰ মিলনপুৰ নিবাসী বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ সুবোধ বৰা আৰু অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী শেৱালী খনিকৰ বৰাৰ জ্যেষ্ঠ সন্তান তথা একমাত্ৰ পুত্ৰ নিহাল সিংহ ৰাজাৰ বিবাহ অনুষ্ঠানত সকলো আড়ম্বৰপূৰ্ণ উদযাপনৰ বিপৰীতে অসমৰ তিনি গৰাকী বিশিষ্ট ঢুলীয়া ওজাৰ বুলনি প্ৰদৰ্শন কৰা দেখা গ’ল। লগতে বৰযাত্ৰী সচৰাচৰ যোৱা সৰু সৰু গাড়ীৰ বিপৰীতে এখন মাত্ৰ বাচতহে দৰাকে আদি কৰি বৰযাত্ৰী যোৱা পৰিলক্ষিত হ’ল।

উল্লেখ্য যে বিবাহ অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতে দৰা-কইনা (Bride-groom)ৰ হতুৱাই বোকাখাতৰ ১১ টি অনুষ্ঠানলৈ আগবঢ়ালে আৰ্থিক অনুদান (Financial Grants)। ধোবাআটি নামঘৰ, পাণবাৰী নামৰ দল (বাদ্যযন্ত্ৰ), মিলনপুৰ কলাখোৱা নামঘৰ, কাকজান হৰি মন্দিৰ, উজনি অসম বিকলাংগ কেন্দ্ৰ, বোকাখাত জিলা মাষ্টাৰ্চ এথেলেটিক সন্থা, কৰৈআটি বৰ নামঘৰ, গোমোঠা মাহৰা সত্ৰ, কৰুণাধাৰা, একল বিদ্যালয় অভিযান, শিশু শিক্ষা সমিতিলৈ আজি বৰাৰ নিজ বাসভৱনত আগবঢ়োৱা হ’ল আৰ্থিক অনুদান। বৰা পৰিয়ালৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টা আৰু বদান্যতাৰ বোকাখাতবাসীয়ে শলাগ লৈছে।













