![]()
শিক্ষামূলক এপ কোম্পানী বাইজুছৰ স্বত্বাধিকাৰী বাইজু ৰবিন্দ্ৰনৰ ঘৰত অভিযান চলায় বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে(ED raid on edutech unicorn Byju’s)। শনিবাৰে ইডিৰ বিষয়াসকলে সংস্থাটোৰ কাৰ্যালয় আৰু বেংগালুৰুৰ ৰবীন্দ্ৰৰ বাসগৃহত অভিযান চলায়। তদন্তকাৰীয়ে এতিয়াও তাত তালাচী চলাই আছে। ইডিৰ সূত্ৰ অনুসৰি, কোম্পানীটোৱে বৈদেশিক মুদ্ৰা আইন উলংঘা কৰিছে। তালাচীৰ সময়ত ইয়াৰ সৈতে জড়িত কেইবাটাও নথি উদ্ধাৰ কৰি জব্দ কৰা হৈছে।

ইডিৰ সূত্ৰ অনুসৰি, ৰবীন্দ্ৰনৰ মূল কোম্পানী ‘থিংক এণ্ড লাৰ্ণ প্ৰাইভেট লিমিটেড’এ বৈদেশিক মুদ্ৰাৰ লেনদেন আইন (ফেমা) উলংঘা কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে ২০১১ চনৰ পৰা ২০২৩ চনলৈ এই কোম্পানীত বহিঃৰাজ্যৰ পৰা প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। একেদৰে এই কোম্পানীটোৱেও বিভিন্ন বিদেশী কোম্পানীত ৯ হাজাৰ ৭৫৪ কোটি টকা বিনিয়োগ কৰিছে।
এই সংস্থাটোৱে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষালৈকে আনকি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও ছাত্ৰ-ছাত্ৰীক অনলাইন টিউচন প্ৰদান কৰে। যোৱা দশকত এই জনপ্ৰিয় এপ কোম্পানীটো ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম পৃষ্ঠপোষক আছিল।











