![]()
গোলাঘাট (Golaghat) জিলাৰ গ্ৰাম্যাঞ্চলত অৱস্থিত বৰজান দক্ষিণহেঙেৰা এম ই স্কুলৰ (Barjan Dakshinhengera ME School) এখনি নৱনিৰ্মিত পকী তোৰণ (newly constructed Gate) আজি পুৱা উদ্বোধন কৰা হয়। ১৯৫৪ চনত প্ৰতিষ্ঠিত বৰজান এম ই স্কুল (বৰ্তমান বৰজন দক্ষিণহেঙেৰা মধ্য ইংৰাজী বিদ্যালয়)-ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত আব্দুল মোন্নাফৰ স্মৃতিত তেখেতৰ পুত্ৰ গুৱাহাটীৰ নিবাসী আলটাফ আহমেদে আটক ধুনীয়াকৈ নিৰ্মাণ কৰাই আজি পুৱা ৰাইজৰ হাতত উৎসৰ্গা কৰে।

পকী তোৰণখনিৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আজি পুৱা প্ৰাত: সভাৰ লগতে এক উদ্ধোধনী অনুষ্ঠান সম্পন্ন হয়। বিদ্যাল়য়ৰ শিক্ষক ইনামুদ্দিন আহমেদে আঁতধৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচলনা কমিটিৰ সভাপতি মজহৰুল হুছেইনে।

প্ৰধান শিক্ষক জয়ন্ত কুমাৰ গগৈ, স্থানীয় গাওঁবুঢ়া বিজয় হাজম, স্থানীয় ৰাইজ, অভিভাৱক, মাতৃ গোট, শিক্ষক কৰ্মচাৰীসকল উপস্থিত থকা সভাত দাতা পৰিয়ালৰ হৈ আলটাফ আহমেদে উপস্থিত থাকি প্ৰয়াত পিতৃ আব্দুল মোন্নাফৰ বিদ্যালয়খনৰ সৈতে মৃত্যুপৰ্যন্ত থকা আত্মীয়তা আৰু স্হানীয় সমাজখনৰ সৈতে থকা সহৃদয়তাক সোঁৱৰণ কৰে। সভাত প্ৰধান শিক্ষক প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি পৰিয়ালবৰ্গৰ এই বদন্যতাত সন্তোষ প্ৰকাশ কৰে।












