ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

CM Himanta Biswa Sarma I কাৰ্বি আংলঙত ২৫০৩’৯১ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 4, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

আজি প্ৰতিকুল বতৰকো নেওচি হেলিকাপ্তাৰ যোগে আকাশী পথেৰে আহি ডিফুত প্ৰগতি আৰু সমৃদ্ধি যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)৷ আজি কাৰবি আংলং (Karbi Anglong) আৰু পশ্চিম কাৰবি আংলং (west Karbi Anglong) দুই পাৰ্বত্য জিলাৰ বাবে আছিল এক এক ঐতিহাসিক দিন ৷ আজি ডিফুৰ কাৰবি সাংস্কৃতিক প্ৰকল্প তাৰালাংচৰ পৰাই  কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা প্ৰগতি আৰু সমৃদ্ধি যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২৫০৩’৯১ কোটি টকাৰ আঁচনিৰ ডিজিটেলি আধাৰশিলা স্থাপন (Digitally laid foundation stone) কৰে ৷

আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
কাৰ্বি আংলঙত ২৫০৩’৯১ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ:

পাৰ্বত্যভূমিৰ বাবে ই এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে ডিফুৰ তাৰালাংছ’ত কেন্দ্ৰীয় ভাবে ২৫০৩.৯১ কোটি টকাৰ আঁচনি উদ্ধোধন কৰাৰ পিছত জিলাখনৰ অংগনবাদী আৰু কন কন শিশুৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ লগতে অংগনবাড়ী ছুপাৰভাইজাৰ সকলক টেবলেট বিতৰণ কৰে ৷ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, অহা নৱেম্বৰ- ডিচেম্বৰ মাহত ইতিমধ্যে নিৰ্মাণ চলি থকা আন দুহেজাৰ কোটি টকাৰ আঁচনি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ৷

বিত্তমন্ত্ৰী অজন্তা নেওগে নিজৰ ভাষণ উল্লেখ কৰি কয়যে,মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে স্বায়ত্তশাসিত পৰিষদসমূহে এতিয়া ৰাজ্য চৰকাৰৰ মুখলৈ চাই থাকিব নালাগে। পৰিষদসমূহ নিজাববীয়াকৈ অৰ্থনৈতিকভাৱে সবল হৈ উঠিছে। সেই সুবিধা বাজেটৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিছে। অসমৰ বিকাশত কাৰ্বি আংলং জিলাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও মনতব্য কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ আধাঘণ্টাযোৰা ভাষণ প্ৰসংগত কয় যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ আগবাঢ়িছো।

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক সংযোগ কৰিবলৈ বিশেষ পথ নিৰ্মাণ কৰা হ’ব। উৰণীয়া সেঁতুৰ জৰিয়তে সংযোগ হ’ব দুয়োখন জিলা। যাতায়ত সুচল হ’ব। হামৰেণৰ পৰা টুমপ্ৰেঙ, হোজাই হৈ হাওৰাঘাটলৈ সংযোগ হব এই পথ ৷ ইয়াৰ ফলত সময় যথেষ্ট ৰাহি হব ৷ বিজেপিক ভোট দিয়াৰ বাবেই ইমানবোৰ আঁচনি ৰাইজে লাভ কৰিছে। ইয়াৰ কৃতিত্ব দুয়োখন জিলাৰ ৰাইজৰ।

অসম-মেঘালয় সীমান্তত শান্তি স্থাপন কৰাৰ বাবে নৱনিৰ্মিত পথবোৰ সহায়ক হ’ব ৷ জৰাজীৰ্ণ হৈ থকা ডিফু-ধনৰিশিৰ মাজৰ পথচোৱা নিৰ্মাণেৰে নগালেণ্ডৰ ডিমাপুৰৰ সৈতে সংযোগ কৰা হ’ব। অংগনবাদী কেন্দ্ৰসমূহ কংগ্ৰেছৰ শাসন কালত পূৰ্বতে পাৰ চৰাইৰ বাঁহৰ দৰে আছিল। বৰ্তমান জিলা খনত অংগনৱাড়ী কেন্দ্ৰ সমূহৰ অৱস্থা যথেষমট উনন্ বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ কাৰ্বি আংলঙত ১৪০টা মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব চৰকাৰে।

ইয়াৰোপৰি ৮৯৫ কোটি টকাৰ আঁচনিৰে কাৰ্বি আংলঙৰ খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ আজি আঁচনি গ্ৰহণ কৰা হৈছে। অহা ছমাহত আন ছটা পথ নিৰ্মাণৰ বাবে পুঁজি আবন্টন দিয়া হ’ব বুলিও কৈ মূলত এতিয়াৰে পৰা উন্নয়ণমূলক কামৰ আৰম্ভনিহে মাত্ৰ এই ধাৰা অব্যাহত থাকিব৷ পূৰ্বতে আত্ম সহায়ক গোট সমূহক স্বনিৰ্ভৰশীল হবলৈ সহায় কৰা হেছিল এতিয়াৰে পৰা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক ব্যক্তিগতভাৱেও ১০ হাজাৰ টকাকৈ ব্যক্তিগত একাউণ্টত দিয়া হ’ব।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ক্ষেত্ৰত কাৰ্বি আংলঙৰ এহেজাৰ যুৱক-যুৱতীয়ে নিযুক্ত লাভ কৰিছে। ইতিমধ্যে ৬৮ হাজাৰ নিবনুৱাক চাকৰি দিয়া হৈছে। যুৱক-যুৱতীৰ বাবে ২ লাখ টকাকৈ ঋণ দিয়া হ’ব। যাৰ ফলত যুৱক-যুৱতীসকলে যিকোনো ব্যৱসায় কৰি চলিব পাৰিব৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ গুণোৎসৱৰ ফলাফল সন্তোষজনক নহয়। জিলা দুখনৰ বৌদ্ধিক মহলে এইক্ষেত্ৰত চৰকাৰক সুপৰামৰ্শ প্ৰদান কৰাৰ বাবে আহ্বান জনায়৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পশ্চিম কাৰবি আংলং আৰু কাৰবি আংলং সংযোগী পথ টো দুয়োখন পাৰ্বত্য জিলাৰ বাবে এক সুকীয়া পথ হ’ব৷ য’ত হাতীৰ অহা-যোৱাৰ বাবেও বাবেও সুকীয়া ক’ৰিডৰৰ ব্যৱস্থা থাকিব৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আজমল আৰু কংগ্ৰেছে একেখন পথাৰতে খেলি থাকে। সেইবোৰত মই গুৰুত্ব নিদিও।

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যক লৈ সমিতি গঠন কৰি দিয়া হৈছে। সমস্যা শীঘ্ৰে সমাধান হ’ব। ইয়াৰোপৰি অপ্ৰতিকৰ পৰিস্থিতিৰ বাবে দুয়োখন ৰাজ্যই ন্যায়িক তদনমত ঘোষণা কৰিছে ৷ তদুপৰি কাৰ্বি আংলঙৰ যিসকল নেতাই বিজেপি ত্যাগ কৰিব বিচাৰিছে তেওঁলোক যে দলত আছিল সেই কথা গমেই পোৱা নাছিল বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁলোক দলত সক্ৰিয় হৈ থকা নাছিল।

তেওঁলোকে আগতীয়াকৈ স্বেচ্ছামূলক অৱসৰ লৈ লৈছে। বিজেপিত সংস্থাপনৰ সুযোগ কম। তেওঁলোক যতেই থাকক ভালকে থাকক আৰু তেওঁলোকৰ সৈতে মুখ্যমন্ত্ৰীৰ শুভেশ্ছা থকা বুলি মন্তব্য কৰে ৷ আনহাতে আজিৰ প্ৰগতি আৰু সমৃদ্ধিৰ যাত্ৰা অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন,সাংসদ দমবয় পৱিত্ৰ মাৰ্ঘেৰিঢা, হৰেণছিং বে’, দুয়োখন পাৰ্বত্য জিলাৰ বিধায়ক সকল ক্ৰমে, বিদ্যাছিং ইংলেঙ, দৰচিং ৰংহাঙ, ৰুপচিং টেৰণ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম আৰু এমএচিসকল উপস্থিত থাকে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CMFoundation stonekarbi anglongআধাৰশিলাকাৰবি আংলংমুখ্যমন্ত্ৰী
Share6Tweet4Send

Related Posts

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
61
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
64
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
56
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
51
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
52
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
60
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d