ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুখনৰ বিৰুদ্ধে সৰৱ হৈ উঠে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। সোমবাৰে দিছপুৰস্থিত চৰকাৰী আবাসত অনুষ্ঠিত এক সংবাদ মেলত তেওঁ কয়, ‘মই এনআৰচিক পেলনীয়া কাগজ হ’ব বুলি কৈছিলো। কিন্তু বিজেপিয়ে ইয়াক নাকচেই কৰি পেলালে।’ তেওঁ কয় যে এনআৰচিক লৈ বিজেপিৰ সভাপতি অমিত শ্বাহে পূৰ্বতে গৌৰৱ কৰিছিল, কিন্তু এতিয়া উলোটা খৰ মাৰিছে। অমিত শ্বাহে দেশজুৰি এনআৰচি কৰিব নোৱাৰে বুলি গগৈয়ে পুনৰ কয়। নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰসংগ টানি আনি তেওঁ কয় যে বিজেপি চৰকাৰে অসমৰ সমস্যাসমূহ সমাধান কৰক চাৰি ‘কেব’ আনি ৰাজ্যখন ধ্বংস কৰিব বিচাৰিছে। অসম চৰকাৰখনক এই ক্ষেত্ৰত ভয়াতুৰ আৰু বিশ্বাসহীন আখ্যা দিয়ে গগৈয়ে। বিধেয়কক লৈ শেহতীয়াকৈ অমিত শ্বাহৰে আলোচনাত ভাগ লোৱা অসম সাহিত্য সভাৰ ভূমিকাক সমালোচনা কৰি তেওঁ সদৌ অসম ছাত্ৰ সন্থাক সাধুবাদ দিয়ে। বিপৰীতে অসম গণ পৰিষদৰ নেতৃত্বক স্বাৰ্থপৰ আখ্যা দি সমালোচনা কৰে।













