
আজি বোকাজান (Bokajan) আৰক্ষী থানা চৌহদত আয়োজিত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত আদিবাসী বিদ্ৰোহী সংগঠন আপলা (APLA)ৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডা (Chief of Army Staff Sahil Munda) সহিতে ৩৯ গৰাকী কেডাৰে আত্মসমৰ্পণ (surrender) কৰে।

উল্লেখ্য যে, ২০১৯ চনত আদিবাসী বিদ্ৰোহী সংগঠন আনলাৰ পৰা বিভাজিত হৈ গঠন হোৱা উক্ত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষৰ নেতৃত্বত আত্মসমৰ্পিত কেদাৰ সকলে ৪ টা AK 47 ৭টা ৰাইফল ২০টা পিষ্টল, দুটা সজীৱ গ্ৰেনেড আৰু বহু জাঁই সজীৱ গুলি অসম আৰক্ষীক প্ৰদান কৰে ।

কেডাৰসকল মূল সুঁতিলৈ ঘূৰি অহাত অসম আৰক্ষীৰ চেণ্ট্ৰেল ৰেঞ্জৰ আই জি পি দেৱজ্যোতি মুখাৰ্জীয়ে সকলোকে গামোচা পিন্ধাই আদৰণি জনায়।












