![]()
সম্পূৰ্ণ বেলেগ ধাৰাৰ এখন ছবিত এক সুকীয়া শৈলীৰ চৰিত্ৰত অভিনয় কৰি বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছতো অভিনেতা আয়ুষ্মান খুৰানাই (Actor Ayushmann Khurrana) ছবি আৰু ভূমিকা বাছনি কৰাৰ ক্ষেত্ৰত বলীউডৰ পথত খোজ দিয়া নাই। বৰঞ্চ সকলো ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰি তেওঁ আপ্লুত কৰিছে। কেৱল ছবি বা চৰিত্ৰ বাছনিৰ ক্ষেত্ৰতে নহয়, সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো আয়ুষ্মানে বলীউডৰ আন অভিনেতাৰ তুলনাত একেবাৰে বেলেগ ধৰণে চিন্তা কৰে, যাৰ প্ৰমাণ ইউনিচেফৰ সৈতে কৰা চুক্তিত পোৱা গৈছিল।
এইবাৰ বলীউডৰ অভিনেতাগৰাকীয়ে ‘এলজিবিটিক’ৰ (LGBTK) সদস্যসকলৰ বাবে নতুন কিবা এটা কৰিবলৈ উদ্যোগী হৈছে।জুন মাহক ‘pride month’ বুলি জনা যায়। যিসকল যৌনতাৰ ক্ষেত্ৰত উপেক্ষিত, তেওঁলোকৰ বাবে এই মাহৰ গুৰুত্ব অপৰিসীম বুলি কʼলে কম কোৱা নহʼব। আয়ুষ্মানে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ কাষত থিয় দিছে। চণ্ডীগড়ৰ ‘LGBTQIA’ লোকসকলক সহায় কৰিবলৈ তেওঁলোকৰ ‘ফুড ট্ৰাক’ ব্যৱসায়ত বিনিয়োগ কৰিছে অভিনেতাগৰাকীয়ে। আয়ুষ্মানৰ এই পদক্ষেপৰ ফলত তেওঁলোকে সমাজত নিজৰ ভৰিত থিয় দিব পাৰিব বুলি ধাৰণা কৰিছে।

অভিনেতাগৰাকীৰ মতে, “এজন অভিনেতা হিচাপে সমাজৰ প্ৰতি দায়িত্ব থাকে। মানুহৰ মৰমৰ বাবেই আমি সমাজত এক বিশেষ স্থান লাভ কৰিব পাৰো। সেই বাবেই মই সমাজৰ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বিষয়ে চিন্তা কৰিব পাৰিলোঁ।” তেওঁ আৰু কয়, “সকলোৱে ইজনে সিজনক যিমান পাৰে সহায় কৰিব লাগে। আমি আনকো অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰোঁ। যদি আমি একত্ৰিত হৈ বিপদত ইজনে সিজনৰ কাষত থিয় দিয়াৰ প্ৰয়োজনীয়তা বুজি পাওঁ, তেতিয়াহে সমাজখন আগবাঢ়িব পাৰিব, আৰু আমি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিম।”
পঞ্জাব বিশ্ববিদ্যালয়ৰ প্ৰথমজন ৰূপান্তৰকামী ছাত্ৰ ধনঞ্জয় চৌহানে নিজৰ ছচিয়েল মিডিয়া পেজত ফুড ট্ৰাকৰ এখন ছবি শ্বেয়াৰ কৰে। আয়ুষ্মানক ধন্যবাদ জনাই তেওঁ লিখিছে, “ট্ৰেন্সচেক্সুৱেলৰ কাষত থিয় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ সহায় অবিহনে আমি আমাৰ সপোন পূৰণ কৰিব নোৱাৰিলোহেঁতেন।”













