![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৌজন্যত ২০ জুনত ধুবুৰীত অনুষ্ঠিত হ’ব বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি দিবস(Bishnu Rabha Divas) ৷ ইয়াৰ লগত সংগতি ৰাখি ১৯ আৰু ২০ জুনত সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনে পালন কৰিব ৰাভা দিবস ৷ কাৰবি আংলং জিলা প্ৰশাসনেও দুয়োদিনা ৰাভা দিৱস পালনৰ বাবে প্ৰস্তুতি চলাইছে ৷ আজি এক সংবাদ মেলত কাৰবি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী আৰু সদৰ মহকুমাধিপতি হোমেন গোহাঁই বৰুৱাই ৰাভা দিৱসৰ সবিশেষ ব্যাখ্যা কৰে ৷

ডিফু , হাওৰাঘাট আৰু বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩০ খন বিদ্যালয়ত সম্পন্ন হ’ব এই অনুষ্ঠান ৷ ডিফুৰ ডিফু চৰকাৰী বালক আৰু বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় , চন্দ্ৰছিং তেৰাং হাইস্কুল , ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয় , ডি এ ভি , উচ্চতৰ মাধ্যমিক বিদ্যালয় , ৰংকিমি এল পি স্কুল , লুৰুলাংচ’ এল পি স্কুল , আদৰ্শ হিন্দী স্কুল , ডন ব্ৰস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’ব ৰাভা দিৱস ৷ একেদৰে হাওৰাঘাটৰ হাওৰাঘাট উচ্চতৰ মাধ্যমিক , তিনিআলি হাইস্কুল , ইংৰাজী হাইস্কুল , টাউন চৰকাৰী এম ই স্কুল , বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় , টাউন ছোৱালী হাইস্কুল , উত্তৰ বৰবিল হাইস্কুল , পণ্ডিত ঘাট হাইস্কুল , উত্তৰ বৰবিল বীনাপাণী হাইস্কুলত উদযাপন কৰা হ’ব ৰাভা দিবস ৷
একেদৰে বোকাজানৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় , খটখটী হাইস্কুল , সৰিয়হাজ হাইস্কুল , তলবালিজান হাইস্কুল , ,জীনবাবা হাইস্কুলকে ধৰি দহখন স্কুলত উদযাপন হ’ব ৰাভা দিবস ৷ ৰাভা দিবসত প্ৰশাসনৰ বিষয়া উপস্থিত থকাৰ লগতে ৰাভা সংগীত শুনাই ৰাভাৰ জীৱনৰ আদৰ্শৰ লগত নৱ প্ৰজন্মক পৰিচয় কৰাই দিয়া হ’ব ৷ প্ৰতিখন বিদ্যালয়ৰ প্ৰধানে ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰি ছাত্ৰছাত্ৰীৰ আগত ভাষণ দিব লাগিব ৷ লগতে থাকিব অন্যান্য কাৰ্যসূচী ৷













