![]()
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত(AHSEC) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু নিয়মীয়াকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ডিফু থানা তিনি সমাজকৰ্মী ক্ৰমে, আব্দুল কৰিল লস্কৰ, আকিব উদ্দিন আহমেদ আৰু সমাজকৰ্মী তথা সাংবাদিক ছাইদুল ইছলামৰ যৌথ উদ্যোগত দেওবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক ডিফুত হৰিলালবস্তিস্থিত কালী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত ডিফু চহৰৰ বিভিন্ন স্থানৰ প্ৰায় ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয় ৷

ডিফুৰ সচেতন যুৱক আকিব আহমেদে আঁত ধৰা আৰু ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন শিক্ষক তথা সম্বৰ্ধনা অনুষ্ঠানৰ মুখ্য অতিথি মজাহাৰুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সন্মানীয় আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে, ডিফু ষ্টেট বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া তথা সমাজকৰ্মী গৌতম ৰয়, আতুৰকিমি হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ ছেত্ৰী, ডিফু কো অপাৰেটিভ বেংকৰ প্ৰৱন্ধক আইনুল হক, ডিফু মছজিদ কমিটিৰ সহকাৰী সম্পাদক ৰাজিব উদ্দিন আহমেদ , চন্দ্ৰছিং টেৰণ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ সমাজকৰ্মী আজমল হুছেইন বৰভূঁঞা, শিক্ষক ৰফিকুল ইছলাম আৰু অনান্য গণ্যমান্য ব্যক্তি যকল ৷
মুখ্য অতিথিৰ ভাষণত মজাহাৰল ইছলামে কয়যে, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ পিছত ছাত্ৰ-ছাত্ৰী সকলে নিজৰ নিজৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয় কৰে ৷ কৰ্তব্যৰ প্ৰতি একনিষ্ঠ সততা আৰু লক্ষ্য স্থিৰ কৰি আগবাঢ়ি গলে সুন্দৰ ভৱিষ্যত গঢ়িব পাৰি বৱলি কয় ইছলামে ৷ লগতে ছাত্ৰ জীৱনত সফলতা লাভ কৰিব পৰা দিশ সাঙুৰি বিস্তৃত বাখ্যা আগবঢ়ায় ৷তেওঁ যুৱ সমাজত বৃদ্ধি পাই অহা মাৰাত্মক ড্ৰাগছৰ প্ৰৱনতাৰ বাবে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে ৷
সাংবাদিক ছাইদুল ইছলামে সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিফুত সম্বৰ্ধনা দিয়া অনুষ্ঠানত ভাষণ প্ৰসংগত কয়যে,ছাত্ৰ-ছাত্ৰীসকলক নিজৰ কেৰিয়াৰ তথা শৈক্ষিক জীৱনৰ সিদ্ধান্ত লওঁতে পিতৃ-মাতৃৰ পৰামৰ্শ লোৱাৰ আহ্বান জনায় ৷ মুখস্থ বিদ্যাতকৈ নিজে বনাই লিখা গুণ থাকিলে পৰীক্ষাত অধিক সফলতা লাভ কৰিব লাগে বুলিকোৱাৰ লগতে শিক্ষাৰ বিকাশৰ বাবে শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ মন্তব্য কৰে ৷
সন্মানীয় অতিথি ক্ৰমে গৌতম ৰয়, দিলীপ ছেত্ৰী আৰু আইনুল হকে সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক জীৱনত সফলতা লাভ কৰিবলৈ কঠোৰ শ্ৰম কৰাৰ বাবে আহ্বান জনায় ৷ ছাত্ৰ-ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনায় ৷ লগতে আজমল হুছেইন বৰভুঁঞা আৰু শিক্ষক ৰফিকুল ইছলামে ছাত্ৰ-ছাত্ৰী সকলৰ সোণালী ভৱিষ্যত গঢ়াৰ ওপৰত মনোজ্ঞ ভাষণ প্ৰদান কৰে ৷
আনহাতে আজিৰ সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ডিফু মাটিপুঙৰ ইৰফান আলী নামৰ এগৰাকী দৰিদ্ৰ ছাত্ৰক প্ৰাক্তন বেংক বিষয়া গৌতম ৰয়ে ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে বেংক বিষয়া আইনুল হক আৰু শিক্ষক দিলীপ ছেত্ৰীয়ে ছাত্ৰ গৰাকীৰ উচ্চতৰ মাধ্যমিকৰ কিতাপ পত্ৰৰ খৰছ লগতে ইউনিফৰ্মৰ খৰছ বহন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৷













