![]()
বহুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে কপিলী নদীৰ জলপৃষ্ঠ বাঢ়ি আহিছে। ফলত শেহতীয়াকৈ এই কপিলী নদীয়ে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলীপৰীয়া ৰাইজক যথেষ্ট চিন্তাত পেলাইছে। প্ৰশাসনৰ ফালৰ পৰাও ৰাইজক সজাগতা অৱলম্বন কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।
কিন্তু তেনে সময়তে খেৰণিৰ নৈপৰীয়া ৰাইজে কপিলী নৈত উটি এটা প্ৰকাণ্ড মাছ প্ৰত্যক্ষ কৰি অঞ্চলটিত একপ্ৰকাৰ হুৱাদুৱাৰ সৃষ্টি কৰে। জানিব পৰা মতে, কোনো অজ্ঞাত কাৰণত মৃত্যুৰ মুখত পৰি উটি অহা প্ৰায় ১০০ কে:জি: ওজনৰ দুষ্প্ৰাপ্য বাঘ মাছটো শেহতীয়াকৈ পানীৰ পৰা উদ্ধাৰ কৰি নৈৰ পাৰলৈ তুলি আনে খেৰণি নেপালী বস্তিৰ কপিলীপৰীয়া একাংশ ৰাইজে । কিন্তু মাছটোক লৈ এটি দীঘলীয়া সময়ৰ বাবে কৌতুহলৰ সৃষ্টি হয় ৰাইজৰ মাজত।














