![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু: প্ৰতিমাহৰ দৰে চলিত মাহৰ আজিৰ দিনটোত ডিফুত অনুষ্ঠিত হৈ যায় গাওঁৰক্ষী বাহিনী(Village Defence Party)সমূহৰ উমৈহহতীয় উপদেষ্টা সমিতিৰ মাহেকীয়া বৈঠক ৷ গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা সমিতিৰ সভাপতি হেমাৰী তিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উপদেষ্টা সমিতিৰ সহকাৰী সম্পাদক খয়াছিং তিমুঙে ৷

সভাখনত ডিফু, বৰলাংফেৰ, ডিলাই মাঞ্জা আৰু চকীহোলাৰ বাবে নৱনিযুক্ত গাওঁৰক্ষী বাহিনী সমূহৰ চক্ৰ সংগঠক এডৱিন তিচ’ৰ লগত গাওঁৰক্ষী বাহিনী সমূহৰ সভাপতি সম্পাদক আৰু থানা উপদেষ্টা সমিতি সকলৰ সৈতে চিনাকি পৰ্বও অনুষ্ঠিত হয় ৷ সভাত গাওঁৰক্ষী বাহিনী সমূহৰ থানা উদেষ্টা সমিতিৰ সম্পাদক তথা ডিফু থানাৰ অ’চি জে এছ খবুঙে কয় যে , আৰক্ষী অপৰিহাৰ্য অংগ গাওঁৰক্ষী বাহিনী সমূহৰ সদস্য সকলে সক্ৰিয়তাৰে কৰ্তব্য পালন কৰিলে সমাজত নানা ধৰণৰ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ কৰিব পাৰি ৷
আনহাতে একাংশ গাওঁৰক্ষী বাহিনীৰ সভাপতি সম্পাদকে গাওঁৰক্ষী বাহিনী সমূহলৈ চৰকাৰে আগবঢ়োৱা নিম্ন মানৰ মাননীৰে চলিবলৈ বহু কষ্টৰ সন্মূখীন হবলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ বহু কষ্ট স্বীকাৰ কৰিও গাওঁৰক্ষী বাহিনীৰ সদস্য সকলে দিনে-নিশাই সমাজ তথা আৰক্ষী প্ৰশাসনক সহায় -সহযোগিতা আগবঢ়াই যোৱাৰ কথাও উল্লেখ কৰে সদস্য সকলে ৷ আজিৰ সভাত গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপ উপদেষ্টা কুমছিং টেৰণ, থানা উপদেষ্টা সমিতিৰ উপসভাপতি তথা ডিফু থানা কমিটিৰ নাগৰিক সমিতিৰ সভাপতি আব্দুল মতিন তালুকদাৰ আৰু কেইবাগৰাকী বিষয়া কৰ্মী উপস্থিত থাকে ৷













