![]()
ডিফুৰ সম্ভ্ৰান্ত ক্ৰ পৰিয়ালৰ প্ৰতিভাবান ছাত্ৰী ৰশ্মি ক্ৰপী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০০১ চনতে অজান মুলুকলৈ আতঁৰি গ’ল ৷ অকালতে হেৰাই যোৱা মেধাবী ছাত্ৰী গৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে পৰিয়ালে ডিফু শাখা লেখিকা সমাৰোহ সমিতিক(lekhika samaroh) কিছু ধন দান দি এটা ন্যাস গঠন কৰি দিছিল ৷

সেই ন্যাসৰ ধনেৰে ডিফু শাখা লেখিকা সমাৰোহ সমিতিয়ে ডিফুৰ বিদ্যালয় সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা আৰু জনজাতীয় ছাত্ৰছাত্ৰী সকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা এগৰাকীকৈ ছাত্ৰছাত্ৰীক বঁটা প্ৰদান কৰি আহিছে ৷ আজি ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতা বৰাৰ সভানেত্ৰীত্বত বঁটা প্ৰদান সভা সম্পন্ন হয় ৷
এই বঁটা লাভ কপে খুচী দেৱী আৰু আৰচক টেৰণে ৷ ডিফু চৰকাৰী কলেজৰ উপাধ্যক্ষ ড° জীৱন নেওগে মুখ্য অতিথি আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী সাবিত্ৰী গগৈয়ে নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰা সভাখনত ৰশ্মি ক্ৰপীৰ মাতৃ গীতাঞ্জলি দাস ক্ৰৰ আৰু ভাতৃ বিশিষ্ট শিল্পী ৰাজীৱ ক্ৰ উপস্থিত থাকে ৷
নিজৰ ভাষণত বক্তা সকলে ৰশ্মি ক্ৰপীৰ প্ৰতিভা স্মৰণ কৰাৰ লগতে লেখিকা সমাৰোহ সমিতিৰ এই পদক্ষেপে নৱ প্ৰজন্মক উৎসাহিত কৰিব বুলি কয় ৷ নেওগে কয় যে জীৱনত সফলতা লাভ কৰিবলৈ একাগ্ৰতাই মূল মন্ত্ৰ ৷ লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলে পৰিবেশন কৰা কেইবাটাও গীতে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷













