![]()
মণিপুৰৰ (Manipur) ৰিজাৰ্ভ বেটেলিয়ন কেম্পত দুবাৰকৈ আক্ৰমণ চলাইছিল জনতাই। যাৰ ফলত গুলী আৰু শিলৰ আঘাতত ২ জন লোকৰ মৃত্যু হয়। আহত হয় ২৩ জন লোক। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে থৌবালৰ ৩ নং ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত আক্ৰমণ চলাই গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰ চেষ্টা চলায়।
এই বিবাদৰ সময়তে ৰিজাৰ্ভ বেটেলিয়নৰ এজন জোৱানে গুলীয়াই হত্যা কৰে এগৰাকী কংগ্ৰেছ কৰ্মীক। ইয়াৰ পিছতে ৰাইজে পলায়ন কৰে যদিও পিছত জোৱানজনৰ ঘৰত জুই লগাই দিয়া হয়। দুপৰীয়া পুনৰ ৰাইজে সংৰক্ষিত বেটেলিয়নৰ শিবিৰত আক্ৰমণ চলায় আৰু সংঘৰ্ষৰ সৃষ্টি হয়। আহত হয় দুজন জোৱান আৰু ২১জন আক্ৰমণকাৰী। পৰিস্থিতি উত্তপ্ত হৈ পৰে।














