ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ জাতিধ্বংসী বিধেয়কখন গৃহীত কৰিবলৈ। ৰাজ্যৰ জাতীয় দল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবৰ সপক্ষে মাত মাতি অহা কাৰ্যক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ ৰাজ্য যাৰ ফলত ৰাজ্যৰ চৌদিশে এতিয়া আন্দোলনৰ জোৱাৰ৷

কেবৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ সোমবাৰে বিলখন অনাৰ পূৰ্ণ সম্ভাৱণা থকাৰ সময়তে দেওবাৰে বিভিন্ন দল-সংগঠনে তীব্ৰতৰ কৰি তোলে প্ৰতিবাদ আৰু ঠায়ে ঠায়ে সংঘটিত হয় বিক্ষিপ্ত ঘটনা৷ দেওবাৰে গোলাঘাটত অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰীগৰাকীৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে। তাৰ পিছতেই মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট ঘটনা।
অগপ কৰ্মী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত উত্তপ্ত হৈ পৰে সমগ্ৰ নগৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই যদিও পৰিস্থিতি অধিক জটিল হৈ পৰাত আৰক্ষীয়ে অৱশেষত লাঠীচাৰ্জ কৰিবলৈ বাধ্য হয়।
শেষত আৰক্ষীয়ে প্ৰায় ১৩ জনকৈ প্ৰতিবাদকাৰীক আটক কৰে৷ মন্ত্ৰী অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে এইধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি বুলি জানিব পৰা গৈছে৷ ইফালে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহৰ সন্মুখীতো দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে হাতত হেংদাং লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধায়কগৰাকীৰ বাসগৃহৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে কেব মানি লোৱা নহ’ব বুলি সকীয়াই দিয়ে৷

অন্যহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰবাসীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজে ৰঙামাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কেব গৃহীত হ’লে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰৱেশ নিষিদ্ধ হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।লগতে প্ৰতিবাদকাৰীসকলে বদন বৰফুকন আখ্যা দিয়ে বিধায়ক মৃণাল শইকীয়াক।
উল্লেখ্য যে বিভিন্ন দল-সংগঠনৰ লগতে এইবাৰ কেবৰ বিৰুদ্ধে মাত মাতিছে অসম আন্দোলনৰ নিৰ্যাতিতাই৷ অসম আন্দোলনত অংশগ্ৰহণ কৰি আৰক্ষী-সেনাৰ হাতত নিৰ্যাতিত হোৱা, কাৰাবাস খাটি অহা লখিমপুৰৰ বাবুল বৰাই মাতি মাতিছে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে “কেব গৃহীত হ’লে শ্বহীদসকলৰ আত্মাই শান্তি নাপাব আৰু শ্বহীদৰ অভিশাপ লাগিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গাত।” নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হাত জোৰ কৰি কাতৰ অনুৰোধ কৰে অসম আন্দোলনৰ এই গৰাকী নিৰ্যাতিতৰ বাবুল বৰাই।
ৰাজ্যজুৰি চলি থকা এই তীব্ৰ প্ৰতিবাদৰ মাজতে ডিব্ৰুগড়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ । অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে।আছু কৰ্মীৰ এই কাণ্ডৰ পিছতে উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অন্যহাতে মন্ত্ৰী বিধায়কৰ লগতে এইবাৰ সাৰি নগ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মুখ্যমন্ত্ৰীগৰাকীয়ো কোনো এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা সময়তে কলিয়াবৰ অঞ্চলৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে ক’লা কাপোৰ প্ৰদৰ্শন কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ শেষত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ আটক কৰে৷













