![]()
ত্ৰিপুৰাৰ একমাত্ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অভূতপূৰ্ব ঘটনা (Incident at Central University of Tripura)। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰাজ্যিক বিজেপি চৰকাৰৰ হেঁচাত স্নাতক পৰ্যায়ৰ প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকত অনুত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীয়ে ‘উত্তীৰ্ণ’ হৈছে (Students ‘passed’ under pressure from BJP govt )। বিশ্ববিদ্যালয়খনৰ দ্বাৰা পৰিচালিত ডিগ্ৰী কলেজসমূহত এইবাৰ সেই তিনিটা ষান্মাসিকত ৬০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ব্যৰ্থ হয়।
পৰিস্থিতি ইমানেই ভয়াৱহ যে চাৰিখন গৱেষণা পত্ৰত মুঠ ৪০০ নম্বৰৰ ভিতৰত মুঠ ১১ নম্বৰ লাভ কৰা ছাত্ৰ এজনেও উত্তীৰ্ণ হৈছে। বহুতৰ মতে ইয়াৰ দ্বাৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি-নিয়ম উলংঘা হোৱাই নহয়, ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থাৰ স্বৰূপ উন্মোচিত হৈছে।

সূৰ্যমণিনগৰৰ ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদত সকলোকে উত্তীৰ্ণ কৰাৰ দাবীত কেইবাদিনো চলি আছিল ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে প্ৰতিবাদ। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰি ধৰে উপাচাৰ্যক। বুধবাৰে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যৰ ২৫ ডিগ্ৰী মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু উপাচাৰ্যসকলক কেন্দ্ৰীয় বিশ্ববিদ্যালয় ভৱনত বৈঠকত মিলিত হʼবলৈ আমন্ত্ৰণ জনোৱা হয়।
অভিযোগ কৰা হৈছে যে তাতেই সকলোকে উত্তীৰ্ণ কৰাৰ সিদ্ধান্ত হয়। ইতিমধ্যে দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ আৰম্ভ হৈছিল। সেয়া বাতিল কৰি ৬ৰ পৰা ২০ জুলাইৰ ভিতৰত পুনৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। জানিব পৰা মতে, ডিগ্ৰী কলেজত পঢ়া-শুনাৰ অগ্ৰগতি কমি গৈছে। অধ্যাপকৰ পদ খালী। ১৫ খন ডিগ্ৰী কলেজত কোনো অধ্যক্ষ নাই।













