![]()
আজি বিয়লি কাৰ্বি আংলং জিলাৰ মাঞ্জা (Manja)থানাৰ চিলনীৰ বনভোজস্থলীত(SILONI Picnic Spot)নৈৰ বুকুত এজন যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। সন্ধানহীন যুৱকজন ডিফু ৰংখেলান এ এছ ই বি কলনিৰ শম্ভু প্ৰসাদ ৰায়ৰ পুত্ৰ অবিনাশ কুমাৰ ৰায় (৩০) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি লগৰীয়াৰ সৈতে চিলনী নৈত গা ধুবলৈ যোৱা অৱস্থাত নৈৰ কোবাল সোঁতে যুৱকজনক উটুৱাই নিয়ে (A Boy went missing while swimming with friend in the river)। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায় যদিও এতিয়ালৈকে যুৱকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই।













