![]()
হিংসাবিধ্বস্ত মণিপুৰত (Manipur) দুগৰাকী মহিলাক উলংগ কৰি উৎপীড়নৰ ভিডিঅ’ ১৯ জুলাইত পোহৰলৈ অহাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাটোৰ সৈতে সম্পৰ্কিত এক অভিযোগ অনুসৰি, এই ঘটনাটো ৪ মে’ত কাংকোপি জিলাত সংঘটিত হৈছিল।

এই সন্দৰ্ভত প্ৰকাশ পোৱা এটা ভিডিওত দেখা গৈছে যে দুগৰাকী মহিলাক উলংগ কৰি ধাননি পথাৰলৈ টানি লৈ গৈছে এটা দলে। এই কাণ্ডক গৰিহণা দি খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চই দাবী কৰিছে যে মহিলাকেইগৰাকী কুকি-জো জনগোষ্ঠীৰ হোৱাৰ বিপৰীতে তেওঁলোকক নিৰ্যাতন চলোৱা গোটটো মেইটেই আছিল।
ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সংবাদ মাধ্যমক জনাইছে যে চৰকাৰে ভিডিঅʼটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু তদন্তৰ নিৰ্দেশ দিছে। ছাইকুল থানাত বি ফাইনম গাঁৱৰ মুৰব্বী থাংবৈ বৈফেয়ে (৬৫) দাখিল কৰা এজাহাৰত তৃতীয়গৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা হৈছে।
ঘটনাৰ এমাহতকৈও অধিক সময়ৰ পাছত ২১ জুনত এই এফআইআৰ ৰুজু হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ/৩৯৮/৪২৭/৪৩৬/৪৪৮/৩০২/৩৫৪/৩৬৪/৩২৬/৩৭৬/৩৪ আৰু অস্ত্ৰ আইনৰ ২৫(১চি) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ‘এয়া মানৱতাৰ বিৰুদ্ধে অপৰাধ। আজি এই ভিডিঅ’টো মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীক অতি সোনকালে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ কওঁ। আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হʼব যদিহে তেওঁলোকে দ্ৰুত ব্যৱস্থা লোৱাত গাফিলতি কৰা দেখা যায়।’ মুখ্যমন্ত্ৰী সিঙে কয়।
অভিযোগ অনুসৰি, ৪ মেʼত মণিপুৰত প্ৰথমবাৰৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এদিন পিছতে বিয়লি প্ৰায় ৩ বজাত প্ৰায় ১০০০ লোকে এ কে ৰাইফলছ, এছ এল আৰ, ইনছাছ আৰু .৩০৩ ৰাইলফ আদি অত্যাধুনিক অস্ত্ৰ লৈ সম্পত্তি ভাঙি লুটপাত কৰাৰ লগতে ঘৰবোৰ জ্বলাই দিয়ে। সেই দুষ্কৃতিকাৰীকেইজনৰ ভিতৰত মেইটেই সংগঠন মিটেই লিপুন, কংগলেইপাক কানবা লুপ, আৰমবাই টেংগোল আৰু বিশ্ব মেইটেই কাউন্সিল আৰু অনুসূচিত জনজাতি সমিতিৰ সদস্য হোৱাৰ সন্দেহ কৰা হৈছে।
উন্মত্ত জনতাই এজন লোকক নিমিষতে হত্যা কৰি তিনিগৰাকী মহিলাক কাপোৰ খুলিবলৈ বাধ্য কৰে।ইয়াৰে এগৰাকী ১৯ বছৰীয়া মহিলাক নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু যেতিয়া তেওঁৰ ভাতৃ আনজন মানুহে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁক হত্যা কৰা হৈছিল।
পিছত মহিলা তিনিগৰাকীয়ে তেওঁলোকৰ অচিনাকি একাংশ লোকৰ সহায়ত সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।













