![]()
মণিপুৰত (Manipur Incident) সংঘটিত ঘটনা যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক। অৱশেষত মণিপুৰ সন্দৰ্ভত মুখ খুলিলে মোডীয়ে (PM Modi)। যোৱা দুমাহ ধৰি জ্বলি আছে মণিপুৰ।

দুয়োটা গোটৰ মাজত হোৱা সংঘাতৰ ফলত অশান্তিৰ সৃষ্টি হয়। গৃহমন্ত্ৰী অমিত শ্বাহ তালৈ যোৱাৰ পিছতো পৰিস্থিতি শান্ত নহ’ল। মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী বিৰোধীয়ে বাৰে বাৰে কৰি আহিছে। এনে পৰিস্থিতিত আজি বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে মোডীয়ে তেওঁৰ বাৰ্তাত মণিপুৰৰ বিষয়ে কয়। শেহতীয়াকৈ এটা ভয়ংকৰ ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে।
ছচিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅʼত মণিপুৰৰ ৰাজপথত উলংগ হৈ খোজকাঢ়ি থকা দেখা গৈছে এগৰাকী মহিলা। অভিযোগ অনুসৰি, এই ঘটনা ৪ মাৰ্চ তাৰিখে সংঘটিত হৈছিল। অভিযোগ অনুসৰি সেইদিনা ৰাজহুৱাভাৱে দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।
ইতিমধ্যে সমগ্ৰ দেশ সৰৱ এই সন্দৰ্ভত।
প্ৰধানমন্ত্ৰীয়ে আজি কয় যে মণিপুৰত যি ঘটনা পোহৰলৈ আহিছে সেয়া যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক। এই কাম কৰাসকলৰ বাবে গোটেই দেশ লজ্জিত। ১৪০ কোটি মানুহ লজ্জিত। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা বাৰ্তাত তেওঁ কয়, ‘সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ ৰাজ্যৰ আইনী ব্যৱস্থা সুদৃঢ় কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ আমাৰ মাতৃ আৰু ভগ্নীসকলক সুৰক্ষা দিবলৈ।
কঠোৰ ব্যৱস্থা লওক। সকলো বিবাদৰ ওপৰত ৰাজনীতিয়ে যিকোনো ৰাজ্যতে প্ৰথমে নাৰীৰ মৰ্যাদা ৰক্ষা কৰা উচিত। কোনো অপৰাধীয়ে ৰেহাই পোৱা উচিত নহয়। মণিপুৰৰ ছোৱালীবোৰৰ লগত যি হৈছে সেয়া অক্ষমনীয়।’













