![]()
ৰাজপথত দুগৰাকী মহিলাক উলংগ (Women naked) কৰি ঘূৰোৱা ঘটনাৰ ভিডিঅ’ আৰু মণিপুৰত দলবদ্ধ ধৰ্ষণৰ (Gang rape in Manipur) অভিযোগক লৈ এইবাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে (Supreme Court reacts strongly)। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ পৰা ততাতৈয়াকৈ প্ৰতিবেদন বিচাৰিছিল। লগতে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ সতৰ্কবাণী, “আমি বিষয়টোক লৈ গভীৰভাৱে চিন্তিত। যদি চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আদালতে স্বতঃস্ফূৰ্ত ব্যৱস্থা লʼবলৈ বাধ্য হʼব।” শুকুৰবাৰে পুনৰ এই গোচৰৰ শুনানি হ’ব শীৰ্ষ আদালতত।

বুধবাৰে ছচিয়েল মিডিয়াত বিয়পি পৰা মণিপুৰৰ এই ভিডিঅʼটোৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে ভিডিঅ’টো ৪ মেʼত তোলা হৈছে। বিৰোধীয়ে দাবী কৰিছে যে ঘটনাৰ কিছুদিন পিছতে আৰক্ষীক এজাহাৰ দিয়া হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।
ইতিমধ্যে ৪ মেʼত হোৱা ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে কয় ভুক্তভোগীৰ মাজৰ এগৰাকীয়ে। ১৮ মে’ত কাংপাকোপি জিলাৰ বি ফিনেম গাঁৱৰ মুৰব্বীৰ সহযোগত একেখন জিলাৰ ছাইকুল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ‘জিৰ’ এফআইআৰ’ দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ‘সাধাৰণ এফআইআৰ’ হিচাপে ঘটনা সংঘটিত হোৱা থানা এলেকাত এফআইআৰ দাখিল কৰিবলগীয়া হয়। কিন্তু যিকোনো থানাত ‘জিৰো এফআইআৰ’ দাখিল কৰিব পাৰি, অপৰাধ সংঘটিত হোৱা থানা এলেকা নিৰ্বিশেষে। তাৰ পিছত সেই থানাখনে সংশ্লিষ্ট থানালৈ অভিযোগ প্ৰেৰণ কৰে। অৰ্থাৎ এনে অপৰাধৰ ক্ষেত্ৰত ভুক্তভোগী বা তেওঁৰ পৰিয়ালৰ লোকে ঘটনাস্থলীৰ থানালৈ যাব নালাগে।
২১ বছৰীয়া মহিলাগৰাকীয়ে কয়, “একে-৪৭, আইএনএছএছ, এছএলআৰকে ধৰি বহু আধুনিক আগ্নেয়াস্ত্ৰ অপৰাধীৰ হাতত আছিল। গাঁৱত প্ৰৱেশ কৰি নিৰ্বিচাৰে ঘৰ-দুৱাৰত জুইলগাই মানুহক হত্যা কৰে। আমাৰ পাঁচজন, তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ (ভুক্তভোগীৰ পিতৃ আৰু ভাতৃ) ওচৰৰ হাবিখনলৈ দৌৰি গৈ লুকাই পৰিছিলো।”

ভুক্তভোগী মহিলাগৰাকীয়ে কয়, “পিছত নংপক ছেকমাই থানাৰ আৰক্ষী জোৱানে গৈ আমাক উদ্ধাৰ কৰে।” কিন্তু থানালৈ উভতি অহাৰ পথত দুষ্কৃতিকাৰীয়ে আমাক ৰাস্তাতে ঘেৰি ধৰিলে। আনকি মহিলাগৰাকীয়ে তেওঁক দলবদ্ধ ধৰ্ষণ কৰা বুলিও কয়। তেওঁ কয় যে আক্ৰমণকাৰী দলটোৱে তেওঁৰ পিতৃ আৰু ভাতৃক হত্যা কৰে। তেওঁ কয়, “মোৰ ৫৬ বছৰীয়া দেউতাক প্ৰথমে হত্যা কৰা হ’ল। মোক বচাবলৈ চেষ্টা কৰি থাকোঁতে মোৰ ভাতৃকো হত্যা কৰা হৈছিল।” কিন্তু আক্ৰমণকাৰীৰ কিছু লোক আন দুগৰাকী মহিলাৰ চিনাকি আছিল আৰু তেওঁলোকক ধৰ্ষণৰ পৰা ৰক্ষা কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত কয় ভুক্তভোগীয়ে।
থৌবাল জিলাৰ নংপক ছেকমাই থানাৰ পৰা দুই কিলোমিটাৰ দূৰত্বত বি ফৈনাম গাঁৱৰ সমীপত তৌবু গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা। ছৈকুল থানাত ‘জিৰো এফআইআৰ’ দাখিল কৰি হত্যা আৰু ধৰ্ষণকে ধৰি একাধিক অভিযোগ উত্থাপন কৰে। ৮০০ৰ পৰা ১০০০ অচিনাক্ত সশস্ত্ৰ অপৰাধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। কিন্তু ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল নোহোৱালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে।












