![]()
মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্যাতন (Two women naked in Manipur) আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্তৰ ঘৰত অগ্নিসংযোগ (Main accused’s house set on fire) কৰে উত্তেজিত জনসাধাৰণে। শুকুৰবাৰে একাংশ অচিনাক্ত ব্যক্তিয়ে প্ৰথমে অভিযুক্তৰ ঘৰত লুটপাত কৰে। তাৰ পাছত গোটেই ঘৰ জ্বলাই দিয়ে।
উল্লেখযোগ্য যে এই গোচৰত ইতিমধ্যে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে মণিপুৰ প্ৰশাসনৰ এক সূত্ৰৰ মতে, এই ঘটনাৰ সৈতে জড়িত সন্দেহত এই পৰ্যন্ত মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত কয়, “তদন্ত চলি আছে। এই জঘন্য অপৰাধৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হʼব। তদন্তৰ স্বাৰ্থত ইয়াতকৈ বেছি ক’ব পৰা নাযাব।”
ইফালে মণিপুৰৰ বিতৰ্কিত ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে বহুতে মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ দাবী (Demand for chief minister Biren’s resignation) জনাইছে।মনিপুৰ কাণ্ডৰ মূল অভিযুক্ত ৩২ বছৰীয়া যুৱকজনক বুধবাৰে থৌবাল জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, মহিলাসকলক উলংগ কৰাৰ সময়ত তেৱেঁই নেতৃত্ব দিছিল। আন্দোলন কৰা জনসাধাৰণে তেওঁৰ ঘৰো জ্বলাই দিয়ে।
উল্লেখযোগ্য যে যোৱা ৪ মেʼত মণিপুৰত দুগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উন্মাদ এদল লোকে মহিলাকেইগৰাকীকৰ কাপোৰ খুলি ৰাস্তাত খোজ কাঢ়িবলৈ বাধ্য কৰাইছিল। মহিলাকেইগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পি পৰা ভিডিঅ’ সেই কাণ্ডৰ বুলি দাবী কৰা হৈছে। ইয়াৰ পিছত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।














