
কাৰ্গিল যুদ্ধত (Kargil) তেওঁ যুদ্ধ কৰিছিল। ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ সদস্য হিচাপে শ্ৰীলংকাতো নিয়োজিত আছিল। কিন্তু আজি যুদ্ধক্ষেত্ৰতকৈও ভয়ংকৰ যেন লাগে তেওঁৰ গাঁৱৰ মাটি। তেওঁ কয়, “মই দেশৰ সন্মান ৰক্ষাৰ বাবে যুঁজিলোঁ। কিন্তু নিজৰ দেশত পত্নীৰ সন্মান ৰক্ষা কৰিব নোৱাৰিলোঁ।” (Husband Of Victim)
মণিপুৰৰ ভুক্তভোগীৰ স্বামীৰ অসহায় উক্তি:
৪ মেʼত সংঘাতগ্ৰস্ত মণিপুৰত উলংগ কৰি ঘূৰোৱা আৰু দলবদ্ধ ধৰ্ষণ কৰা মহিলা দুগৰাকীৰ ভিতৰত এগৰাকী আছিল তেওঁৰ পত্নী। মণিপুৰৰ প্ৰাক্তন সেনাগৰাকীয়ে বাৰে বাৰে কয়, “মই দেশ ৰক্ষা কৰিলোঁ। কিন্তু মোৰ ঘৰ, মোৰ পত্নী, গাঁৱৰ মানুহ- মই কাকো বচাব নোৱাৰিলোঁ!”
দম্পতীহালৰ চাৰি বছৰীয়া এটি পুত্ৰ সন্তান আছে। দুঃস্বপ্নৰ অন্তত পুনৰ মিলিত হয় তিনিওজন। কিন্তু চৌচল্লিশ বছৰীয়া ভুক্তভোগী মহিলাগৰাকী এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হʼব পৰা নাই। ঘটনাৰ দিনা ৪ মেʼত তেওঁ দুষ্কৃতিকাৰীক শিশুটিৰ মুখলৈ চাই তেওঁক এৰি দিবলৈ কাকুতি-মিনতি কৰিছিল। কিন্তু দুষ্কৃতিকাৰীয়ে কৈছিল, “বাচিব বিচাৰিছা যদি কাপোৰ খোল।”
যোৱা ৪ মেʼত কাংপোকোপ্পি জিলাৰ তেওঁলোকৰ বি ফিনেম গাঁৱৰ ফালে এদল লোক অহাৰ কথা শুনি তেওঁ পুত্ৰক কিছু কুকি মহিলাৰ সৈতে হাবিলৈ পঠিয়াইছিল। যেতিয়া স্বামী আৰু নিজে পলাবলৈ চেষ্টা কৰে তেতিয়া দুষ্কৃতিকাৰী আহে। দুয়োকে দুটা দিশলৈ লৈ যায়। ভুক্তভোগীৰ ভাষাত, “মোক কোৱা হৈছিল যে এগৰাকী ছোৱালীক আমাৰ গ্ৰুপৰ লোকে ধৰ্ষণ কৰিছিল (এটা ভুৱা ভিডিঅ’ই উৰাবাতৰি বিয়পাইছিল)। গতিকে তেওঁলোকে আমাৰ লগতো একেই কাম কৰিব। মোৰ লগত আৰু এজনী ছোৱালী আছিল। চকুৰ সন্মুখতে তেওঁৰ পিতৃক হত্যা কৰা হʼল।”
সেই ‘অন্য ছোৱালীজনী’কো সেইদিনা উলংগ হৈ খোজকাঢ়িবলৈ বাধ্য কৰাইছিল। দলটোৱে কেৱল ছোৱালীজনীৰ পিতৃকে নহয়, তেওঁৰ কিশোৰ ভাতৃকো হত্যা কৰিছিল। তেওঁৰ মাতৃয়ে কয়, “ডাঙৰ ল’ৰাৰ চাকৰি নাই। সৰু ল’ৰাটোৱেই আছিল আশা। কষ্টেৰে স্কুললৈ পঠিয়াইছিলোঁ। তাক মাৰিলে, তাৰ দেউতাককো মাৰিলে। আমাৰ সকলো শেষ হৈ গʼল৷ ঘৰ-মাটি জ্বলাই দিলে। কি কৰিম গাঁৱলৈ উভতি গৈ?”
সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছিল তেওঁ। এখন মিনি ট্ৰাকো কিনে। জ্বলি যোৱা ট্ৰাকখন এতিয়া তেওঁৰ ঘৰৰ কাষতে থিয় হৈ আছে। প্ৰধানমন্ত্ৰীলৈ তেওঁৰ অনুৰোধ, “মহিলাকেইগৰাকীক ন্যায় দিয়ক।”