ASSAM TIMES POST
খেৰণি : বনাঞ্চল ধ্বংসৰ ভয়াৱহ পৰিণতি। হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চৰলৰ ক্ৰমে লাং-পাৰপান, ৰিকাংমিহম, ৰং-কিমি, ফেলাংপি, প্ৰিলো, দৈদাক, শিল ডুবি, চেৰা-পথাৰ, বাপপ্লেঙ, জেংখা, চেং বং, নিহাং আৰঙ , জেংক্র, মাটিখোলা আদি গাঁওবোৰত ১৫০ জনীয়া এটা বৃহৎ বনৰীয়া হাতীৰ জাকে দিনে-নিশায় যোৱা এমাহ ধৰি তাণ্ডৱ চলাই আহিছে।

সংকুচিত হৈ অহা লামডিং সংৰক্ষিত বনাঞ্চল আৰু হোজাই বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোয়ে ইখনৰ পিছত সিখন গাঁৱত প্ৰৱেশ কৰি ধান-কুঁহিয়াৰ, তামোল গছ আদি বিনষ্ট কৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে।

দিনে-নিশাই ১৫০ জনীয়া বৃহৎ হাতীৰ জাকটোয়ে মুক্ত বিচৰণ কৰিছে এতিয়া বৃহত্তম খেৰণিৰ জনাঞ্চলত। হাতীজাকৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হৈছে কৃষক তথা গঞা ৰাইজৰ। বৃহৎ হাতীৰ জাকটোয়ে দিনৰ পোহৰতে ধাননি পথাৰ আৰু কুঁহিয়াৰ খেতিত নামি ধান-কুঁহিয়াৰ খোৱাৰ লগতে গচকী আবাধে তহিলং কৰিছে জনাঞ্চলত ।













