![]()
ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ’চিয়েচন, বোকাখাত চমুকৈ ‘ইমজা’ৰ দ্বি-বাৰ্ষিক অধিবেশন (Electronic media and Journalist Association Annual Conference )যোৱা ৩০ জুলাইত বোকাখাত পুৱতি সাহিত্য সভা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসুচীৰ আৰম্ভণিতে ইমজাৰ(EMJA) পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই ৷ প্ৰয়াত সম্পাদক প্ৰদ্যুত মহন্ত স্মৃতিত বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই৷

পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত বিষয় বাচনি সভাত সঞ্জীৱ হাজৰিকাক সভাপতি, সুদীপ্ত তামুলীক সম্পাদক, উত্তম শইকীয়াক মুখ্য উপদেষ্টা, প্ৰদীপ কুমাৰ বৰা আৰু ৰত্নেশ্বৰ মৰাঙক উপদেষ্টা হিচাবে লৈ ১৫ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হয়৷ বিষয় বাচনিৰ সভাৰ প্ৰাকক্ষণত ইমজাৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই বিগত কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে ৷ অনাগত দুটা বৰ্ষৰ বাবে গঠিত এই সমিতিক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে ৷
বিয়লিলৈ প্ৰদীপ কুমাৰ বৰাৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভা উদ্বোধন কৰে আপকুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰিয়ংদীপ কাকতিয়ে ৷ সভাৰ প্ৰাকক্ষণত প্ৰদ্যুত মহন্তকে প্ৰমুখ্য কৰি সকলো প্ৰয়াত সাংবাদিকক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷
মুকলি সভাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, জিতু শৰ্মা ৰাজখোৱা, কাজিৰঙাৰ আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদক বুবুল দত্ত আৰু নীলু আচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল বৰা, কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব বদন দুৱৰা আৰু ইমজাৰ নৱ নিৰ্বাচিত সভাপতি সঞ্জীৱ হাজৰিকা উপস্থিত থাকে ৷ সভাৰ শেষত ভাৰপ্ৰাপ্ত সম্পাদক দিব্যজ্যোতি হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায় ৷













