ASSAM TIMES POST
বোকাখাত : বোকাখাত মহকুমা পাল নাম সমিতিৰ উদ্যোগত অহা ১৭ জানুৱাৰীত শিল্পী দিৱসৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰজাবাৰী মাধৱপুৰ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হ’ব লগীয়া পালনাম প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫ ,০০০ টকা নগদ পুৰস্কাৰ, মানপত্ৰ আৰু উপহাৰ সামগ্ৰী সহ প্ৰদান কৰা হ’ব।
আৰু উদগণিমূলকভাৱে ১,০০০ টকা প্ৰদান কৰা হ’ব। শ্ৰেষ্ঠ বাদ্য সংগতকাৰীক ১,০০০ টকা, মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী দল সমূহক মানপত্ৰ প্ৰদান কৰা হ’ব। দিহানাম সমূহ কৃষ্ণ তথা শংকৰী সংস্কৃতিৰ আধাৰত পৰিবেশন হ’ব লাগিব। দলত ১৫ গৰাকীৰ ওপৰত শিল্পী থাকিব নোৱাৰিব। বাদ্যযন্ত্ৰ সমূহ দলে নিজাববীয়াকৈ আনিব লাগিব। বোকাখাত মহকুমা পালনাম সমিতিৰ অন্তৰ্গত গাঁও/খেল সমূহৰ এটাকৈ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
যোগদানৰ মাচুল ৩০০ টকা আৰু যোগদানৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ। বোকাখাত মহকুমা পালনাম সমিতিৰ মুখ্য সম্পাদক বিনন্দ চন্দ্ৰ বৰুৱাই সবিশেষ জানিবৰ বাবে ৬০০০৪৩৬১০৫, ৯৯৫৭২৯৪৮২৩, ৮৬৩৮৭৬২৩৩১ নম্বৰ যোগে যোগাযোগ কৰিবলৈ প্ৰতিযোগী দল সমূহক আহ্বান জনাইছে।













