ASSAM TIMES POST
গুৱাহাটী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ গৃহিত হোৱাৰ পাছত অসমত বিক্ষোভৰ দাবানল জ্বলি উঠাৰ সমান্তৰালকৈ নিত্য ব্যৱহিত সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ৰাজ্যখনৰ প্ৰায়বোৰ ঠাইতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এভাৰেষ্টৰ শীৰ্ষত বগাইছে৷
পিঁয়াজৰ দাম কোনো কোনো ঠাইত ২০০ টকা পৰ্যন্ত হৈছেগৈ৷আনহাতে শাক পাচলিৰ দাম ৪০-৫০ টকাৰ ওপৰলৈ গতি কৰিছে৷ইপিনে ইণ্টাৰনেট সেৱা বন্ধ কৰাত বেংকৰ লেনদেনত সমস্যাৰ সৃষ্টি হৈছে৷
ৰাইজে এহাতে ‘কা’ বিৰোধিতা কৰিছে আৰু আনহাতে মূল্যবৃদ্ধিৰ বাবে সমস্যাত পৰিছে৷ৰাজ্যত এখন চৰকাৰ থকাৰ পাছতো বজাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাত ৰাইজে সমালোচনা কৰিছে৷এনে পৰিস্থিতিত মূল্যবৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে৷













