![]()
অহা ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন (GU Election 2023)। ২০২৩-২৪ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে ৰিটাৰ্ণিং বিষয়া অধ্যাপক বিকাশ গগৈয়ে। আনহাতে, নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফল ঘোষণা হ’ব ২৯ ছেপ্টেম্বৰত। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা চূড়ান্ত প্ৰাৰ্থী তালিকাও প্ৰকাশ কৰা হৈছে।

এইবাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে তিনিগৰাকী প্ৰাৰ্থীয়ে। জিণ্টু দাস, নীহাৰ ৰঞ্জন ভূঞা আৰু আৰিফ হুছেইন মিৰে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
সাধাৰণ সম্পাদক পদত দ্বীপ দৰ্শন কলিতা আৰু হিমনজিত ডেকাই প্ৰাৰ্থীত্ব আগবঢ়াইছে। একেদৰে অন্যান্য বিভাগৰ ভিতৰত উপ-সভাপতি পদত দুগৰাকী, সহকাৰী সাধাৰণ সম্পাদকৰ পদত তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে।













