ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ASDC session at Diphu : দুদিনীয়া কাৰ্যসূচীৰে ডিফুত এএছডিচিৰ ১১ সংখ্যক অধিৱেশন সম্পন্ন

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
October 14, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

১৩ আৰু ১৪  অক্টোবৰত দুদিনীয়াকৈ কাৰ্যসূচীৰে ঐতিহ্যপূৰ্ণ ডিফু ক্লাৱত অনুষ্ঠিত হৈ যায় অট’নমাচ ষ্টেট ডিমাণ্ড কমিটি (Autonomous State Demand Committee) চমুকৈ এএছডিচিৰ (ASDC) ১১ সংখ্যক অধিৱেশন৷ কালি প্ৰতিনিধি পঞ্জীয়নৰ পিছত আজি পুৱাৰে পৰা আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী৷ পুৱাৰ ভাগত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে (ASDC president Chandrakant Terang) সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদসকলক সোঁৱৰি শ্বহীদ তৰ্পন কৰা হয়৷ পুৱা দহ বজাৰ পৰা ডিফু ক্লাৱৰ সভা কক্ষত ছনছিং তেৰাঙ, ধনীৰাম টিচ’ আৰু ছাৰচিং ইংলেঙৰ সভাপতি মণ্ডলীৰ পৌৰোহিত্যত আৰম্ভ হোৱা মুকলি সভাখনত সভাপতি চন্দ্ৰকান্ত তেৰাঙ, সাধাৰণ সম্পাদক জৎছন বে,সঞ্জয় কিলিঙ আৰু ডেনিয়েল টেৰণৰ লগতে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ, কেএছএৰ প্ৰাক্তন সভাপতি ৰবিন্দ্ৰ ৰংপি, কেএনচিএ আৰু কেআৰএএৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে৷

ASDCp1 | ASSAM TIMES POST

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে’ই কয় যে, এএছডিচিয়ে ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি এখন স্বায়ত্ত Spring দাবীত দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত চৰকাৰৰ সৈতে এমঅ’ইউ স্বাক্ষৰ কৰি স্বায়ত্তৰাজ্য গঠনৰ বাবে অপেক্ষা কৰিলো ৷ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতো স্বায়ত্তৰাজ্য প্ৰদানৰ নামত কেৱল প্ৰতাৰণা আৰু কাৰবি আংলং ৰাইজৰ ওপৰত অত্যাচাৰৰ পদ্ধতি গ্ৰহণ কৰিলে ৷ বৰ্তমানৰ সাংসদজনে সংসদত স্বায়ত্তৰাজ্য বিষয়টো উত্থাপন কৰাৰ পিছত গৃহমন্ত্ৰীয়ে চৰকাৰৰ হাতত স্বায়ত্তৰাজ্যৰ পলিচি নাই বুলি উত্তৰ দিলে৷

সাংসদগৰাকীয়ে এইলৈ কোনো  বিতৰ্কত অংশগ্ৰহণ নকৰিলে৷ আনহাতে কাৰবি আংলং-মেঘালয়ৰ সীমাকলৈ কোনো ধৰণৰ সমস্যা নথকাৰ পিছতো বিজেপি চৰকাৰে সীমান্তত ১৫০০ কিলোমিটাৰ এলেকাত ৪০-৬০ খন গাওঁ থকাৰ পিছতো উক্ত এলেকা মেঘালয়ক হস্তান্তৰ কৰিলে বুলি অভিযোগ কৰে ৷ জিলা খনত সৈনিক স্কুল, সৌৰ প্ৰকল্প স্থাপনত এএছডিচিৰ কোনো আপত্তি নাই যদিও উক্ত আঁচনিসমূহ কৃষি অনুপযোগী ভূমিত কৰিলে সকলোৰে বাবে ভাল হ’ব৷

ASDCp | ASSAM TIMES POST

বকলীয়াঘাট আৰু খেৰণিৰ কৃষি প্ৰকল্পৰ বাবে থকা অনুপযোগী স্থানত সৈনিক স্কুল আৰু সৌৰ প্ৰকল্প স্থাপন কৰাত এএছডিচিৰ আপত্তি নাই ৷ বৰ্তমানৰ বিজেপিৰ শাসন কালত কাৰবি আংলঙত ভূমি ৰাজহ বৃদ্ধি কৰা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি কয় জৎছন বে’ই ৷ যি সময়ত এমুঠি অন্নৰ বাবে ৰাইজে সংগ্ৰাম কৰিব লগীয়া হৈছে তেনে সময়ত ভূমিৰ ৰাজহ বৃদ্ধি কৰাটো ৰাইজৰ ওপৰত অত্যাচাৰ আৰু জোৰ- জুলুম কৰা বুলি ক্ষোভ উজাৰে এএছডিচিৰ শীৰ্ষ নেতাগৰাকীয়ে৷ আনহাতে পাৰ্বত্য জিলাৰ দীৰ্ঘদিনীয়া স্বায়ত্তৰাজ্যৰ দাবী আৰু চৰকাৰৰ অত্যাচাৰ আৰু জুলুমৰ বিৰুদ্ধে শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে নেতাগৰাকীয়ে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ASDCSessionDiphuএএছডিচিৰঅধিৱেশন
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

October 31, 2026
50
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

October 31, 2026
50
Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা
ALL NEWS

Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

October 31, 2026
50
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

October 31, 2026
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

October 31, 2026
Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

Punjab Police : ড্ৰাগছবিৰোধী অভিযানৰ নেতৃত্ব দিয়া আৰক্ষীয়েই নিচাত মাতাল, হাতে-লোটে পৰিল ধৰা

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d