ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
১ লিটাৰ পানী কিনোঁতে আমাৰ বাৰু কিমান খৰচ হয়? খুব বেছি ২০, ৩০, ৫০ বা ১০০ টকা? কিন্তু ৭৫০ মিলিলিটাৰ পানী কিনোঁতে যদি ১৫ হাজাৰ বা ৩৯ লাখ টকা খৰচ হয়, তেতিয়াহ’লে? নিশ্চয় মূল্যটো শুনি আচৰিত হৈছে৷ কিন্তু এয়া সত্য৷ এনেকুৱা খোৱাপানীও আছে যাৰ এক বটলৰ মূল্য কেইবা হাজাৰৰ পৰা কেইবা লাখ টকা৷ কিন্তু ক’ত পোৱা যায় সেই পানী? জানো আহক :

একুৱা দ্য ক্ৰিষ্টেলো ট্ৰিবিউটো আ মডিগ্লিয়ানি : বিশ্বৰ সকলোতকৈ দামী খোৱাপানী এইবিধ৷ এই পানীৰ দাম ইমান বেছি কিয়? প্ৰথম কাৰণ, পানীৰ বটলসমূহ সোণৰ৷ কেৱল সেয়াই নহয়, বটলৰ ভিতৰত সোণৰ ছাই মিহলোৱা থাকে৷ ফিজি আৰু ফ্ৰান্সৰ নিজৰাৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ স্বচ্ছতা, ফ্লেভাৰ আৰু স্মুথনেছত অন্য খোৱাপানীতকৈ ই পৃথক৷ এক বটল পানীৰ দাম শুনিলে আপুনি আচৰিত হৈ যাব৷ কিয়নো এই পানীৰ এটা বটলৰ দাম ৩৯ লাখ টকা!

কোনা নিগাৰি : এই পানী সেৱন কৰিলে শক্তি পোৱা যায়, ওজন কমে, ত্বক ভালে থাকে৷ আনকি তৃষ্ণা দূৰ কৰাতো ইয়াৰ আছে আচৰিত গুণ৷ এয়া হ’ল পানীবিধ প্ৰস্তুতকাৰী কোম্পানীৰ দাবী৷ হাৱাইৰ গভীৰ সমুদ্ৰৰ পৰা এই পানী সংগ্ৰহৰ পিছত কেইবাটাও প্ৰক্ৰিয়াৰে ইয়াক বিশুদ্ধিকৰণ কৰা হয়৷ এই পানী প্ৰস্তুত হয় জাপানত৷ এক বটল পানীৰ মূল্য ২৮ হাজাৰ টকা৷

ফিলিকো : পানীৰ সোৱাদ আৰু বিশুদ্ধতাৰ বাবেতো হয়েই, বটলৰ কাৰুকাৰ্যৰ বাবেও বিশ্বজুৰি ইয়াৰ যথেষ্ট জনপ্ৰিয়তা৷ জাপানৰ কোবেটে নুনোবিকি নামৰ নিজৰাৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ ফিলিকো পানীৰ বটলবিলাকৰ এক ৰাজকীয়তা আছে৷ দেখত দবাখেলৰ ৰজা-ৰাণীৰ দৰে৷ বটলত স্বৰ’ভস্কি ক্ৰিপ্টেল ব্যৱহাৰ কৰা হয়৷ এক বটল পানীৰ মূল্য প্ৰায় ১৫ হাজাৰ টকা৷

ব্লিং এইচ-২ অ’ : আমেৰিকাৰ টেনেছিৰ গ্ৰেট স্ম’কি পৰ্বতৰ ইংলিছ মাউণ্টেন ঝৰ্ণাৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ তাৰপিছত ৯টা পৰ্যায়ত ইয়াৰ বিশুদ্ধিকৰণ কৰা হয়৷ বটলৰ কাৰুকাৰ্য আৰু পানীৰ সোৱাদৰ বাবে বিশ্বৰ অন্যতম খোৱাপানী হিচাপে পৰিচিতি লাভ কৰিছে এইবিধ পানীয়ে৷ ৭৫০ মিলিলিটাৰ পানীৰ এটা বটলৰ দাম ২৮০০ টকা৷

ভিন : বিশ্বৰ সবাতোকৈ বিশুদ্ধ খোৱাপানী হিচাপে ইয়াক দাবী কৰা হয়৷ আনহাতে, অন্য কোম্পানীৰ পানীতকৈ এই পানীয়ে দ্ৰুতভাৱে তৃষ্ণা দূৰ কৰে বুলিও দাবী কৰা হয়৷ ফিনলেণ্ডৰ টেংগেলিঅ’ গাঁৱৰ কাষৰ ফিনিছ নেপলেণ্ডৰ এটি নিজৰাৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ ৭৫০ মিলিলিটাৰ পানীৰ মূল্য ১৬০০ টকা৷

টেন থাউজেণ্ড বিচি : কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ হেট মাউণ্টেন গ্লেচিয়াৰৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ ৭৫০ মিলিলিটাৰৰ এক বটল পানীৰ মূল্য ৯৭০ টকা৷

একুৱা ডেক’ : ডেক’ (ডেক’ৰেচন)ৰ অৰ্থ হ’ল শৈল্পিক৷ কাৰুকাৰ্য খচিত বটলৰ পানী হিচাপেই এইবিধ পানীৰ নাম একুৱা ডেক’৷ কানাডাৰ এটি নিজৰাৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ এক বটল পানীৰ দাম ৮২৭ টকা৷

লকুৱেন আৰ্টেচ মিনাৰেল ৱাটাৰ : এইবিধ হ’ল আৰ্টেচিয়ান ঝৰ্ণাৰ পানী৷ আৰ্জেণ্টিনাৰ দক্ষিণ প্ৰান্তৰ ছান কাৰ্লোছ বাৰিলপ’ছৰ কাষৰ গভীৰ অৰণ্যৰ ভূপৃষ্ঠৰ পৰা ৫০০ মিটাৰ তলৰ পৰা এই পানী সংগ্ৰহ কৰা হয়৷ ৭৫০ মিলিলিটাৰ পানীৰ মূল্য ৪১৫ টকা৷

তাছমানিয়ান ৰেন : এক বটল পানীৰ দাম ৩৫০ টকা৷ বৰষুণৰ পানী ভূপৃষ্ঠত পৰাৰ পূৰ্বেই বটলবন্দী কৰা হয়৷ এণ্টাৰ্কটিকা হৈ সমুদ্ৰৰ ১৬ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি বৰষুণ যেতিয়া তাছমানিয়া পায়, তেতিয়া এই পানী বটলবন্দী কৰা হয়৷ ৱৰ্ল্ড মিটিঅ’ৰ’লজিকেল অৰ্গেনাইজেচনৰ সমীক্ষা মতে, তাছমানিয়াৰ বতাহ পৃথিৱীৰ ভিতৰতে সবাতোকৈ বিশুদ্ধ৷

ফাইন : জাপানৰ এই পানী প্ৰাকৃতিকভাৱে পৰিশ্ৰুত৷ মাউণ্ট ফুজিৰ আগ্নেয় শিলত পৰিশ্ৰুত এই পানী খনিজ পদাৰ্থ সমৃদ্ধ আৰু প্ৰদূষণমুক্ত৷ মানৱসৃষ্ট প্ৰদূষণে এতিয়া পৰ্যন্ত এই পানীক ঢুকি পোৱা নাই৷ এই পানীৰ সূক্ষ্ম এটা গোন্ধ আছে৷ ২০০৫ চনত ফাইনে এই পানীৰ ব্যৱসায় আৰম্ভ কৰে৷ ৭৫০ মিলিলিটাৰ এই পানীৰ মূল্য প্ৰায় ৩৫০ টকা৷













