ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
১০০খনতকৈও অধিক আসন লাভেৰে বিজেপিয়ে অসমত ২০২১ত পুনৰ চৰকাৰ গঠন কৰিব৷ এই মন্তব্য অসম বিজেপিৰ প্ৰভাৱশালী নেতা তথা স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে বৰপেটাত এক সমদলত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্বই৷
আনহাতে, সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিকত্ব আইন সংশোধনৰ পিছত ২.৫ কোটি বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব গ্ৰহণৰ বাবে সেউজ সংকেত জনোৱা বুলি একাংশই কৰা মন্তব্য সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু এয়া এক অপপ্ৰচাৰহে মাথোঁ৷
আজিৰ সমদলত অংশগ্ৰহণ কৰা বিজেপিৰ সদস্য তথা সমৰ্থকসকলক উদ্দেশ্যি ডঃ শৰ্মাই কয়, “বিজেপি কৰ্মীসকল, মন ভাঙি নেপেলাব৷ আজি আমি ইয়াত শান্তিৰ বাণী প্ৰচাৰৰ বাবে ৫০ হাজাৰ লোক সমবেত হৈছোঁ৷ আমি বৃহৎ জয়েৰে ৰাজ্যত পুনৰ শাসনলৈ ঘূৰি আহিম৷
আনহাতে, সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা আন্দোলনৰ কাৰ্যসূচীক একপ্ৰকাৰ তাচ্ছিল্য কৰি মন্ত্ৰী শৰ্মাই কয়, “এই আন্দোলনবোৰে (‘কা’ বিৰোধী) ভুল তথ্যৰ ওপৰত ভিত্তি কৰা বৃহৎ আন্দোলনৰ গিনিজ বুকৰ সন্মান লাভ কৰিব৷”













