ASSAM TIMES POST
নিউজ ডেস্ক
কিতাপৰ ঠেক গণ্ডীৰ পৰা বাহিৰলৈ ওলাই আহি বিজ্ঞান বিষয়ক সকলো যদি হাতে-কামে কৰি দেখুওৱা হয়, তেতিয়াহ’লে নিশ্চয় শিশু মনত আগ্ৰহৰ সৃষ্টি হ’ব৷ তেনে এক পদক্ষেপ গ্ৰহণ কৰিয়েই এতিয়া চৰ্চালৈ আহিছে এগৰাকী শিক্ষয়িত্ৰী৷ কম বয়সৰ শিক্ষাৰ্থীক বিজ্ঞানৰ শৰীৰবিদ্যা বিষয়টো সহজভাৱে আৰু মনোগ্ৰাহীকৈ বুজাবৰ বাবে স্পেইনৰ শিক্ষয়িত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে এতিয়া তেওঁক সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে৷
প্ৰায় ১৫ বছৰ ধৰি শিক্ষকতা বৃত্তিত নিয়োজিত হৈ অহা এই শিক্ষয়িত্ৰীগৰাকীৰ নাম হৈছে ভেৰোনিকা ড’কিউ৷ বৰ্তমান তেওঁ প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক বিজ্ঞান, ইংৰাজী, স্পেনিছ আৰু সমাজবিদ্যা পঢ়ুৱায়৷ সম্প্ৰতি স্কুলত মানৱ শৰীৰবিদ্যাৰ ক্লাছ আছিল তেওঁৰ৷ বিষয়টো বুজাবলৈ তেওঁ পৰিধান কৰিছিল এক বিশেষ ধৰণৰ পোছাক৷

পোছাকবিধ আছিল এনাটমিৰ পোছাক৷ অৰ্থাৎ তেওঁ পৰিধান কৰা পোছাকবিধৰ মাধ্যমেৰে ফুটি ওলাইছিল মানৱ শৰীৰৰ সকলো অংগ যেনে অন্ত্ৰ, পাকস্থলী, বৃক্ব, হৃদপিণ্ড, হাওঁফাওঁৰ দৰে বিভিন্ন অংগ-প্ৰত্যংগ আৰু পেশীতন্ত্ৰ৷ এই পোছাকবিধে সহজতে বুজাই দিয়ে আমাৰ দেহত ক’ত, কি অংগ কেনেদৰে আছে৷
ভেৰোনিকাৰ এই বিশেষ সাজৰ ফটো টুইটাৰৰ পৰা পোষ্ট কৰিছে তেওঁৰ স্বামী মাইকেলে৷ ফটোখন পোষ্ট কৰি তেওঁ লিখিছে, “আজি শিক্ষাৰ্থীসকলক মানৱ শৰীৰৰ ব্যাখ্যা কৰিছে ভেৰোনিকাই৷ তেওঁক স্ত্ৰী হিচাপে লাভ কৰি মই খুব গৌৰৱান্বিত৷”













