ASSAM TIMES POST
নিউজ ডেস্ক
সংশোধিত নাকৰিকত্ব আইনক লৈ দেশজুৰি চলা বিক্ষোভে এইবাৰ আঁচোৰ পেলালে বিজেপি নেতৃত্বাধীন এনডিএৰ ভিতৰচ’ৰাতো৷ সম্প্ৰতি এই সম্পৰ্কত এটি সাক্ষাৎকাৰত বিস্ফোৰক মন্তব্য কৰিছে এনডিএৰ মিত্ৰ দল শিৰোমণি আকালি দলৰ নেতা তথা নৰেশ গুৰালে৷ তেওঁৰ দাবী, চিএএ আৰম্ভ কৰাৰ দৰে ইমান ডাঙৰ সিদ্ধান্তক লৈ মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰৰ সৈতে কোনো আলোচনাই কৰা নাই বিজেপিয়ে৷ আৰু ইয়াকে লৈ এনডিএৰ বেছিভাগ অংশীদাৰ দলেই অসন্তুষ্ট বুলিও তেওঁ দাবী কৰে৷ ইয়াকে লৈ বিজেপিক ‘সাৱধান’ কৰি দিয়াৰ লগে লগে অটল বিহাৰী বাজপেয়ীৰ ‘জোঁট ধৰ্ম’ পালনৰ কথা সোঁৱৰাই দিয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালৰ পুত্ৰ নৰেশ গুজৰালে৷
তেওঁ কয়, “এইটো দুৰ্ভাগ্যজনক যে এনডিএত ইয়াকে লৈ আলোচনা হোৱা নাই৷ এইটো আৰু দুৰ্ভাগ্যজনক যে কাৰো মতামত পৰ্যন্ত লোৱা হোৱা নাই৷ এই কাৰণে এনডিএৰ অংশীদাৰসকল সুখী নহয়৷”













