![]()
৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেদি অবৈধ সামগ্ৰী সৰবৰাহ ধৰা পেলোৱাত বৰপথাৰ আৰক্ষীয়ে আজি পুনৰ এক সফলতা অর্জন কৰিবলৈ সক্ষম হয়। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত খকৰাজানত থকা আৰক্ষীৰ নিয়মীয়া নাকা তালাচিত এখন ট্ৰাকৰ বড়ীত কৌশলেৰে গোপন চেম্বাৰত ভৰাই অনা ২৬ বস্তা অবৈধ বার্মিজ চুপাৰী (Burmese Supari) আৰক্ষীৰ তালাচিত উদ্ধাৰ হয়। জব্দ কৰা চুপাৰী খিনিৰ ওজন সোতৰ কুইন্টল।

এ এছ ২৮ চি ৯৬৬ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখনত চুপাৰীখিনি ডিমাপুৰৰ পৰা বৰপেটালৈ সৰবৰাহকৰাৰ সময়ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰে টাকখনৰ চালক বৰপেটা জিলাৰ বাঘবৰৰ চাহাদত আলিক। বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













