ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ঘৰত বৃহস্পতিবাৰে পুৱাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা চমুকৈ চিআইডিয়ে অভিযান চলায়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ শৃংখল চলিহাৰ শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত অভিযান চলায় চিআইডিৰ এটা দলে।
অভিযানকাৰী চিআইডিৰ দলটোৱে শৃংখলৰ মাতৃৰ মোবাইল ফোন জব্দ কৰাৰ লগতে ৰুগীয়া পিতৃক অভিযানৰ সময়ত ঘৰৰ বাহিৰত উলিয়াই ৰাখে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ‘কা’বিৰোধী এক সভাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতাৰ পথত গ্ৰেপ্তাৰ কৰিছিল চিআইডিয়ে। তাৰ পিছত পোনে পোনে শৃংখলক লৈ অহা হয় গুৱাহাটীলৈ। গুৱাহাটীত চিআইডিয়ে যোৱা ২৪ ডিচেম্বৰত তেওঁক আদালতত হাজিৰ কৰে। আদালতে গ্ৰেপ্তাৰ হোৱা লাচিত সেনাৰ নেতাগৰাকীক দুটা দিনৰ বাবে চিআইডিৰ জিম্মাত দিয়ে।
ইফালে শৃংখল চলিহাৰ চিআইডিৰ জিম্মাত থকা দুটা দিনৰ ম্যাদ বৃহস্পতিবাৰে অন্ত পৰিছে। আজি পুনৰ আদলতত হাজিৰ কৰিব লাগিব বীৰ লাচিত সেনাৰ নেতাগৰাকীক।













