ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
কৃষক নেতা অখিল গগৈক আজি পুনৰ হাজিৰ কৰোৱা হ’ব ‘নিয়া’ৰ আদালতত। মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত যোৱা ১৬ ডিচেম্বৰত ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক। তাৰ পিছত গুৱাহাটীৰ ‘নিয়া’ৰ আদালতে ১০ দিনৰ বাবে কৃষক নেতাগৰাকীক ‘নিয়া’ৰ জিম্মাত দিয়ে। ইয়াৰ পিছতে অখিল গগৈক লৈ যোৱা হয় দিল্লীলৈ৷ দিল্লীত ‘নিয়া’ৰ জিম্মাত ৰখাৰ পাছত বুধবাৰে পুনৰ গুৱাহাটীলৈ লৈ অহা হয় কৃষক নেতাগৰাকীক।
ইফালে আজি পুনৰ আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে অখিল গগৈৰ গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহ আৰু গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত ‘নিয়া’ৰ দুটা দলে পৃথকে পৃথকে অভিযান চলায়।
অৱশ্যে অভিযানত কি তথ্য লাভ কৰিছে সেয়া বাতৰি যুগুতোৱাৰ সময়লৈকে জানিব পৰা হোৱা নাই। প্ৰাপ্ত খবৰ অনুসৰি, বৰ্তমান অখিল গগৈক পাণবজাৰ আৰক্ষীৰ থানাত ৰখা হৈছে।













