ASSAM TIMES POST
নিউজ ডেস্ক
দশকটোৰ শেষৰটো বলয় সূৰ্য গ্ৰহণ আজি দেশৰ বিভিন্ন প্ৰান্তত পুৱা প্ৰায় ৮ বজাৰ পৰা ১১.১৫ বজালৈ প্ৰত্যক্ষ হয়৷ ‘ৰিং অব্ ফায়াৰ’ বা অগ্নি বলয় নাম দিয়া এই সূৰ্য গ্ৰহণ আৰম্ভণিতে আংশিক গ্ৰহণ হিচাপে চৌডি আৰবৰ ৰিয়াধত প্ৰথম প্ৰত্যক্ষ হয়৷

ভাৰতত এই বিৰল মহাজাগতিক পৰিঘটনা প্ৰথম প্ৰত্যক্ষ কৰা হয় কেৰালাৰ চেৰভাতুৰত৷ কৰ্ণাটক আৰু তামিলনাডুৰ লোকসকলেও এই পূৰ্ণগ্ৰাস বলয় সূৰ্য গ্ৰহণ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দেশৰ বাকী অংশত এই গ্ৰহণ আংশিকৰূপে প্ৰত্যক্ষ হয়৷

অৱশ্যে এই বলয় গ্ৰাস সূৰ্যগ্ৰহণ সম্পূৰ্ণভাৱে প্ৰত্যক্ষ হয় আন্তঃৰাষ্ট্ৰীয় সময় মান অনুসৰি পুৱা ৯.০৪ বজাৰ পৰা৷ সৰ্বোচ্চ গ্ৰাস প্ৰত্যক্ষ হয় পুৱা প্ৰায় ১০.৪৭ বজাত আৰু পূৰ্ণ গ্ৰাস প্ৰত্যক্ষ হ’ব প্ৰশান্ত মহাসাগৰৰ গুৱামত আন্তঃৰাষ্ট্ৰীয় সময় মান অনুসৰি ১২.৩০ বজাত৷ ভাৰতত বলয় গ্ৰাস সূৰ্য গ্ৰহণৰ সৰ্বাধিক সময় হ’ল মাত্ৰ প্ৰায় ৩ মিনিট৷

ভাৰতৰ উপৰি এই সূৰ্য গ্ৰহণ প্ৰত্যক্ষ হয় চৌডি আৰব, কাটাৰ, সংযুক্ত আৰব এমিৰেটছ, ওমান, শ্ৰীলংকা, মালেয়ছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ, উত্তৰ মেৰিয়ানা দ্বীপপুঞ্জ আৰু গুৱামত৷













