ASSAM TIMES POST
নিউজ ডেস্ক
প্ৰসিদ্ধ লেখিকা তথা ৰাজহুৱা কৰ্মী অৰুন্ধতী ৰয়ে বুধবাৰে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এনপিআৰ)-এ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ ডাটাবেছ হিচাপে কাম কৰিব আৰু সেয়েহে ৰাইজক ইয়াক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়৷
দিল্লী বিশ্ববিদ্যালয়ত সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে অনুষ্ঠিত এক প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ অভিযোগ কৰে যে এনআৰচি আছিল মুছলমানবিৰোধী৷ “তেওঁলোক আপোনালোকৰ ঘৰলৈ যাব, নাম সুধিব, ফোন নম্বৰ ল’ব আৰু আধাৰ কাৰ্ড গাড়ী চলোৱাৰ অনুজ্ঞা-পত্ৰৰ দৰে তথ্য বিচাৰিব৷ এনপিআৰ হৈ পৰিব এনআৰচিৰ ডাটাবেছ৷” প্ৰখ্যাত লেখিকাগৰাকীয়ে এনেদৰে কয়৷
তেওঁ লগতে কয়, “আমি ইয়াৰ বিপক্ষে যুঁজ দিব লাগিব৷ ইয়াৰ বাবে বিভিন্ন পন্থা আমি গ্ৰহণ কৰিব লাগিব৷ আমি লাঠি আৰু বুলেটৰ মুখামুখী হ’বৰ বাবে জন্মগ্ৰহণ কৰা নাই৷”
আনহাতে, উত্তৰ প্ৰদেশত আৰক্ষীয়ে বাচি বাচি মুছলিমসকলৰ ওপৰত অত্যাচাৰ চলোৱা বুলিও অভিযোগ কৰি ৰয়ে কয়, “উত্তৰ প্ৰদেশত মুছলমানসকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছে৷ আৰক্ষীয়ে ঘৰে ঘৰে গৈ অত্যাচাৰ আৰু লুট-পাত কৰিছে৷”













